ETV Bharat / sitara

Shilpa-Raj : ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগ সন্দৰ্ভত শিল্পাৰ প্ৰতিক্ৰিয়া - Bandra Police]

অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty) আৰু স্বামী ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ বিৰুদ্ধে 1.51 কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ । মুম্বাইৰ বান্দ্ৰা আৰক্ষী(Bandra Police)য়ে ভাৰতীয় দণ্ডবিধি আইনৰ 406, 409, 420, 506, 34 আৰু 120 (B) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি দুয়োৰে বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷ প্ৰৱঞ্চনাৰ অভিযোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে এক স্পষ্টীকৰণ দাঙি ধৰিছে শিল্পাই ৷

Shilpa Shetty on FIR against her, Raj Kundra
ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগ সন্দৰ্ভত শিল্পাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Nov 15, 2021, 12:44 PM IST

চিটাৰা ডেস্ক, 15 নৱেম্বৰ : এতিয়াও যেন বিপদে বাট এৰি দিয়া নাই অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty) আৰু তেওঁৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা(Raj Kundra)ক ৷ ৰাজ কুন্দ্ৰাই পৰ্ণ’গ্ৰাফী(Pornography) গোচৰত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিছিলহে মাত্ৰ, তেনে সময়তে পুনৰ আন এক নতুন বিপদে লগ দিছে শিল্পা-ৰাজৰ জীৱনত ৷

পৰ্ণ’গ্ৰাফী গোচৰৰ পাচত এইবাৰ এক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈছে শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰা । মুম্বাইৰ বান্দ্ৰা আৰক্ষী(Bandra Police)য়ে ৰাজ-শিল্পাক প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ ৷ নীতিন বাৰাই(Nitin Barai) নামৰ এজন লোকে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছিল ।

জানিব পৰা মতে, শিল্পা আৰু ৰাজৰ বিৰুদ্ধে 1.51 কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে নীতিন বাৰায়ে । তেওঁ কয় যে, 2014-2015 চনত শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক 1.51 কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল ।

নীতিন বাৰাইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে তৰিছে গোচৰ । ভাৰতীয় দণ্ডবিধি আইনৰ 406, 409, 420, 506, 34 আৰু 120 (B) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি দুয়োৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । শীঘ্ৰেই আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা ।

এজাহাৰৰ প্ৰতিবেদনৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিল্পাই ছ’চিয়েল মিডিয়া একাউণ্টত এক বিবৃতি শ্বেয়াৰ কৰিছে য’ত লিখা আছে যে, এই এজাহাৰ দেখি তেওঁলোক হতবাক হৈছে ৷ SFL Fitness প্ৰতিষ্ঠানটো কাশ্বিফ খানৰ দ্বাৰা পৰিচালিত । দেশজুৰি এছএফএল ফিটনেছ জিম খোলাৰ বাবে তেওঁ ব্ৰেণ্ড এছএফএলৰ নামৰ সহায় লৈছিল ।

সকলো চুক্তি তেওঁৰ দ্বাৰা কৰা হৈছিল ৷ তেওঁ বেংকিং আৰু অন্য দৈনন্দিন বিষয়তো স্বাক্ষৰকাৰীৰ ভূমিকা পালন কৰিছিল ৷ লগতে তেওঁ কয় যে, কাশ্বিফৰ কোনো লেনদেনৰ বিষয়ে ৰাজ-শিল্পা অৱগত নহয় ৷ ইয়াৰ বাবে তেওঁলোকে কাশ্বিফৰ পৰা এটকাও লোৱা নাই ৷ সকলো ফ্ৰেঞ্চাইজিয়ে কাশ্বিফৰ সৈতে পোনপটীয়াকৈ ধনৰ লেনদেন কৰিছিল ৷

2014 চনত মুকলি কৰা এছএফএল ফিটনেছ কাশ্বিফৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰিচালনা কৰা হৈছিল । এইক্ষেত্ৰত ইমান সহজে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাতো সঁচাকৈয়ে দুখজনক ৷ ভাৰতত আইন পালনকাৰী গৌৰৱান্বিত নাগৰিক হিচাপে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা উচিত বুলি মন্তব্য কৰে শিল্পাই ৷

লগতে পঢ়ক : কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.