চিটাৰা ডেস্ক,10 মাৰ্চঃ শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজকুন্দ্ৰাক পুত্ৰ আৰু ৱিয়ান আৰু নৱজাত কন্যা সমীশাৰ সৈতে দেখা গ'ল মুম্বাই বিমান বন্দৰত ৷ প্ৰথমবাৰৰ বাবে কন্যাৰ সৈতে এনেদৰে দুয়োকে ঘৰৰ বাহিৰত খোজ দিয়া চকুত পৰে ৷ শেহতীয়াকৈ শ্বেয়াৰ হোৱা এই ফটোখনত পুত্ৰ ইয়ান আৰু কন্যাৰ সৈতে হাঁহিমুখীয়া অৱস্থাত দেখিবলৈ পোৱা গ'ল জনপ্ৰিয় দম্পতিহালক ৷ শিল্পা চেট্টীয়ে গুলপীয়া ৰঙৰ এখন পাতল ব্লেংকেটেৰে মেৰিয়াই আনিছিল নৱজাত সন্তানটিক ৷ কন্যা সমীশাক বিগত 15 ফেব্ৰুৱাৰীত নিজৰ পৰিয়াললৈ স্বাগতম জনাইছিল দুয়োৱে ৷ উল্লেখ্য যে,তেওঁলোকে চাৰ'গেচী মাধ্যমেৰে জন্ম দিছিল তেওঁলোকৰ দ্বিতীয় সন্তান সমীশাক ৷
অভিনেত্ৰীগৰাকীৰ কামৰ কথালৈ গ'লে,তেওঁৰ হাতত আছে এতিয়া কেইবাটাও নতুন প্ৰজেক্ট ৷ দৰ্শকে শীঘ্ৰেই অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব হাংগামা-2 আৰু নিকাম্মা নামৰ আগন্তুক ছবি দুখনত ৷
লগতে পঢ়কঃঅনুৰাগীলৈ বি-টাউনবাসীৰ হোলীৰ শুভকামনা