চিটাৰা ডেস্ক, 1 মাৰ্চ: দেওবাৰে নিজৰ ইন্ষ্টাগ্ৰামত শিৱানী দাণ্ডেকাৰে আপলোড কৰিলে কেইবাখনো ফটো ৷ সেই ফটোৱে লৈ এতিয়া হৈ-চৈ লাগিছে সামাজিক মাধ্যমত ৷
- " class="align-text-top noRightClick twitterSection" data="
">
19 ফেব্ৰুৱাৰীত খ্ৰীষ্টান পদ্ধতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল শিৱানী-ফাৰহান (Farhan Shibani wedding ritual) ৷ বহুদিন ধৰি দুয়োৰে প্ৰেমৰ বাতৰিয়ে বলীউড গৰম কৰি ৰাখিছিল ৷ সাংবাদিকে সোধা বিয়াৰ প্ৰশ্ন অৱশ্যে দুয়োয়ে সদায় এৰাই চলাইছিল ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ফেব্ৰুৱাৰীৰ আৰম্ভণিতে পিতৃ জাভেদ আখতাৰেহে ঘোষণা কৰিছিল ফাৰহান-শিৱানীৰ বিয়াৰ কথা ৷ সামাজিক প্ৰথাৰে বিয়াত বহাৰ পিছত 21 ফেব্ৰুৱাৰীত আইনী প্ৰথাৰে পুনৰ বিয়াত বহিল দুয়ো (Farhan Shibani marriage date) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
শিৱানীয়ে শেহতীয়াকৈ পোষ্ট কৰা ফটো কেইখনত (Shibani Dandeklar latest instagram post) তেওঁৰ হাতত বিয়াৰ তাৰিখটো ৰোমান সংখ্যাত লিখা দেখিবলৈ পোৱা গৈছে ৷ XXI II XXII ৰোমান সংখ্যাটো দেখুৱাই শেহতীয়া ফটোশ্বুট কৰিছে শিৱানীয়ে স্বামী ফাৰহানৰ সৈতে ৷
ফটোত শিৱানীক এটা ষ্টাইলিছ গ্লিটাৰ ড্ৰেছত দেখা গৈছে ৷ আনহাতে ফাৰহানে কেজুৱেল য়েট ক্লাছি বগা ৰঙৰ কোট পেণ্ট পৰিধান কৰিছে ৷ যদি অনুৰাগীয়ে কৰা ধাৰণা সঁচা হয় তেন্তে ফাৰহানৰ এইয়া তৃতীয় সন্তান হ’ব (shibani dandekar pregnant) ৷ পূৰ্বৰে পত্নীৰে সৈতে ফাৰহানৰ দুগৰাকীকৈ কন্যা সন্তান আছে ৷
লগতে পঢ়ক: আইনী প্ৰথাৰে পুনৰ বিয়াত বহিল শিৱানী-ফাৰহান