ETV Bharat / sitara

শ্বাৰ্লিনৰ মন্তব্যৰ পিছতে শিল্পালৈ সন্দেহৰ আঙুলি; সকলো জানিছিল নেকি শিল্পাই ?

author img

By

Published : Aug 9, 2021, 8:35 PM IST

"ৰাজ কুন্দ্ৰা(Raj Kundra)ই মোক কৈছিল যে, তেওঁৰ পত্নী শিল্পা ছেট্টী কুন্দ্ৰাই মোৰ ফটো আৰু ভিডিঅ' দেখিছে । শিল্পাই মোৰ কাম ভাল পায়" । অশ্লীল ছবি নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাৰ কু-কৰ্মৰ বিষয়ে একো নাজানে বুলি শিল্পা ছেট্টী দাবী কৰি অহাৰ পিছতে শ্বাৰ্লিন চোপ্ৰা(Sherlyn Chopra)ই এই কথা প্ৰকাশ কৰিছে ।

Sherlyn chopra reaction on Raj Kundra case
ৰাজ কুন্দ্ৰাৰ কামৰ বিষয়ে শিল্পাই প্ৰদান কৰা ভাষ্য সন্দৰ্ভত শ্বাৰ্লিনৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ৯ আগষ্ট : পৰ্ণ'গ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰতিষ্ঠিত ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযোগ উত্থাপন কৰি আহিছে অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই । এইবাৰে শ্বাৰ্লিনে অভিযোগ তুলিছে যে, শিল্পা ছেট্টীয়ে ৰাজ কুন্দ্ৰাৰ কামৰ বিষয়ে পূৰ্বৰে পৰা অৱগত আছিল । আনকি তেওঁ শ্বাৰ্লিনৰ ফটো আৰু ভিডিঅ' চাইছিল আৰু তেওঁৰ প্ৰশংসা কৰিছিল । শিল্পাই তেওঁৰ কামৰ বিষয়ে প্ৰশংসা কৰাৰ কথা ৰাজ কুন্দ্ৰাই তেওঁক কৈছিল বুলি শ্বাৰ্লিনে দাবী কৰিছে ।

শ্বাৰ্লিনে উত্থাপন কৰা অভিযোগ অনুসৰি, ৰাজ কুন্দ্ৰাই ছবি নিৰ্মাণৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত এখন চুক্তি স্বাক্ষৰ কৰিছিল । শ্বাৰ্লিনে অভিযোগ তোলা মতে, ৰাজ কুন্দ্ৰাই বিচাৰিছিল যে তেওঁ ৰাজৰ সৈতে এই কাম কৰক আৰু শ্বাৰ্লিনৰ এপটোৰ নাম হ'ব 'শ্বাৰ্লিন চোপ্ৰা এপ' । যোৱা মাহত পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে মুম্বাই অপৰাধ শাখাৰ সম্পত্তি কোষে সোধা-পোছাৰ বাবে শ্বাৰ্লিনক তলব কৰিছিল ।

শ্বাৰ্লিনে কয় যে, কুন্দ্ৰাই এপটোত বিভিন্ন ভিডিঅ' বিচাৰিছিল আৰু সেইবোৰৰ ভিতৰত আছিল গ্লেমাৰ, হাই ফেশ্বন, ফিটনেছ, ধেমালীয়া আৰু অন্যান্য বহু বিষয়ৰ ভিডিঅ' ।

শ্বাৰ্লিনে জনোৱা মতে, তেওঁ প্ৰথমে গ্লেমাৰ ভিডিঅ'ৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল আৰু তাৰ পিছত তেওঁক "অৰ্ধ-নগ্ন আৰু নগ্ন ছবি"ত অভিনয় কৰিবলৈ কোৱা হৈছিল । অভিনেত্ৰীগৰাকীয়ে অভিযোগ তুলিছে যে, দৃশ্যগ্ৰহণৰ সময়ত তেওঁক বিভিন্ন কথা কৈ উৎসাহিত কৰা হৈছিল । তেওঁলোকে কৈছিল যে শ্বাৰ্লিনে ভাল কৰি আছে আৰু শিল্পা ছেট্টীয়ে তেওঁৰ ফটো আৰু ভিডিঅ' দেখিছে আৰু তেওঁৰ কামৰ প্ৰশংসা কৰিছে ।

শ্বাৰ্লিনে কৈছে যে, যেতিয়া কোনো লোকে নিজতকৈ জ্যেষ্ঠজনৰ পৰা প্ৰশংসা লাভ কৰে তেতিয়া কিবা ভুল কৰিছে বুলি অনুভৱ নহয় আৰু এনে প্ৰশংসাই কাম বেছি ভাল কৰিবলৈ মানুহক উৎসাহিত কৰে । শ্বাৰ্লিনক কোৱা হৈছিল যে তেওঁলোকে যি কৰি আছে সেয়া ভুল নহয় । সেই সময়ছোৱাত কোনো আইনী জাননী দিয়া হোৱা নাছিল বুলিও শ্বাৰ্লিনে জানিবলৈ দিছে ।

পৰ্ণ’গ্ৰাফী অবৈধ বুলি জানিও এনে কামৰ সৈতে কিয় জড়িত হৈছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্বাৰ্লিনে দৃঢ়তাৰে কৈছিল যে, তেওঁ প্ৰথমেই মহাৰাষ্ট্ৰ চাইবাৰ অপৰাধ শাখালৈ গৈছিল ।

তেওঁ লগতে কয় যে, তেওঁ নিজৰ এপটো চলোৱা কথাটো তেওঁ কেতিয়াও অস্বীকাৰ কৰা নাছিল । তেওঁ কেতিয়াও কোনো লোকক বিপথে পৰিচালিত কৰি কোনো মিছা আশ্বাস দিয়া নাই । তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁ অশ্লীল ছবি নিৰ্মাণ কৰা নাই আৰু তেওঁ কোনো ছোৱালীক কাম দিয়াৰ অজুহাতত অশ্লীল ছবি নিৰ্মাণ কৰা নাছিল ।

উল্লেখ্য যে, বোম্বে উচ্চ ন্যায়ালয়ে যোৱা ২ আগষ্টত ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পেই আৰক্ষীৰ গোচৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি স্থগিত ৰাখিছিল । আদালতত তদন্তকাৰী বিষয়াই কৈছিল যে, কুন্দ্ৰাৰ লেপটপত ৬৮টা পৰ্ণগ্ৰাফী ভিডিঅ' পোৱা গৈছিল । আৰক্ষীয়ে কৈছিল যে, কুন্দ্ৰাৰ ব্যক্তিগত লেপটপত কেইবাখনো অশ্লীল ছবি পোৱা গৈছিল ।

যোৱা ২৭ জুলাইত, মুম্বাইৰ এখন আদালতে কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পেক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ১৯ জুলাইত কুন্দ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু লগতে আন ১১ জন লোককো অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:"ঠাকুৰ সজ্জন সিং" খ্যাত অভিনেতা অনুপম শ্যামৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.