ETV Bharat / sitara

ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি বৰুণ ধৱনে লিখিলে 'লাইফ ইন আইচ'লেশ্যন'

author img

By

Published : Dec 14, 2020, 5:22 PM IST

সম্প্ৰতি হোম আইচ'লেশ্যনত আছে বৰুণ ধৱন । আইচ'লেশ্যনত থাকি নিজৰ জীৱনৰ ওপৰতে ৰসিকতা কৰি বৰুণে তিনিখন ফটো ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে আৰু কেপচন দিছে যে 'লাইফ ইন আইচ'লেশ্যন' । ফটোকেইখন বৰুণৰ কপালৰ বলিৰেখা স্পষ্টকৈ দেখা পোৱা গৈছে ।

ছ'ছিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি বৰুণ ধৱনে লিখিলে 'লাইফ ইন আইছ'লেছন'

চিটাৰা ডেস্ক, ১৪ ডিচেম্বৰ: অভিনেতা বৰুণ ধৱনে তেওঁৰ আগন্তুক ছবি 'যুগ যুগ জিঅ'ৰ বাবে চণ্ডাগড়ত দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে COVID-১৯ত আক্ৰান্ত হয় । বৰ্তমান তেওঁ মুম্বাইৰ বাসগৃহত আইচ'লেশ্যনত আছে । বৰুণে ইনষ্টাগ্ৰাম পোষ্টযোগে তিনিখন ফটো শ্বেয়াৰ কৰিছে । কিশোৰ অৱস্থাৰ পৰা এজন যুৱক হোৱাৰ সময়খিনি এই তিনিখন ফটোৰ জৰিয়তে অনুৰাগীৰ আগত দাঙি ধৰিছে অভিনেতাজনে ।

ইয়াৰ দ্বাৰা তেওঁ প্ৰকৃতিৰ সত্যক বুজাব বিচাৰিছে যে, প্ৰতিগৰাকী কিশোৰী সময় অতিবাহিত হোৱাৰ লগে লগে বৃদ্ধাৱস্থা পায় । ফটোকেইখনত বৰুণৰ কপালৰ বলিৰেখা স্পষ্ট হৈ দেখা দিছে । তেওঁ ফটোৰ কেপচনত লিখিছে যে, 'লাইফ ইন আইচ'লেশ্যন' । এঘণ্টাৰো কম সময়ৰ ভিতৰত বৰুণৰ ফটোক ৪ লাখ অনুৰাগীয়ে লাইক কৰে । পিতৃ ডেভিড ধৱনে নিৰ্দেশনা কৰা কুলী নম্বৰ ৱানত দেখা যাব বৰুণক ।

লগতে পঢ়ক:ৰতন টাটাৰ আত্মজীৱনীত মুখ্য় চৰিত্ৰত অভিনয় নকৰে আৰ. মাধৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.