ETV Bharat / sitara

New Song 'Madhuban' is in controversy: বিতৰ্কত ছানী লিয়নী অভিনীত গীত ‘মধুবন’ - মধুবনে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই অভিযোগ তুলিছে যে, ‘মধুবন’ গীতটোৱে হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে ৷ গানটোৰ গায়ক শ্বাৰিব, তছি আৰু অভিনেত্ৰী ছানী লিয়নীক ক্ষমা মাগিবলৈ কোৱাৰ লগতে গানটো উঠাই ল’বলৈ নিৰ্দেশ দিয়ে তেওঁ (New Song 'Madhuban' is in controversy) ৷

madhuban
বিতৰ্কত ছানী লিয়নী অভিনীত গান ‘মধুবন’
author img

By

Published : Dec 27, 2021, 6:31 PM IST

চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : ‘মধুবন’ গীতটোকলৈ বিতৰ্ক হোৱাৰ পিছত মিউজিক লেবেল সাৰেগামাই দেওবাৰে গীতটোৰ নাম সলনি কৰাৰ লগতে গীতৰ কথা সলনি কৰিব বুলি সদৰি কৰিছে ৷ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই 'Madhuban mein Radhika nache, jaise jungle me nache mor' শীৰ্ষক গানটোৰ বাবে গীতটোৰ লগত জড়িত সকলোকে তিনিদিনৰ ভিতৰত গীতটো বন্ধ কৰিবলৈ সতৰ্কবাণী শুনোৱাৰ পিছতে Music label Saregama ই গীত সলনিৰ সিদ্ধান্ত ৰাজহুৱা কৰে ৷

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী তথা চৰকাৰখনৰ মুখপাত্ৰ মিশ্ৰাই কয়, হিন্দু সকলে মা-ৰাধাক উপাসনা কৰে ৷ এই গানটোৰ কথা আৰু সুৰে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে ৷ ধৰ্মৰ মোল বুজি নোপোৱা কিছুমানে ধৰ্মীয় সংস্কৃতি বিকৃত কৰাৰ অভিযোগ তোলে তেওঁ ৷

যোৱা সপ্তাহত মুক্তি লাভ কৰা গানটোত কণ্ঠদান কৰিছে শ্বাৰিব আৰু তছিয়ে ৷ ছানী, কনিকা কাপুৰ, অৰিন্দম চক্ৰৱৰ্তীয়ে অভিনয় কৰা গানটোত শ্লীলতা হানিৰো অভিযোগ আহি পৰিছে (New Song 'Madhuban' is in controversy) ৷

এই গীতটোৰ প্ৰাৰম্ভিক কেইটামান শব্দ 1960 চনৰ "কহিনুৰ" চলচ্চিত্ৰৰ Iconic Song 'মধুবন মে ৰাধিকা নাচে ৰে' সৈতে মিলিছে ৷ সেই গানটো কিংবদন্তী গায়ক মহম্মদ ৰফিয়ে গাইছিল আৰু প্ৰয়াত অভিনেতা দিলীপ কুমাৰে অভিনয় কৰিছিল ৷

শনিবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ পুৰোহিতসকলে লিয়নীৰ এই শেহতীয়া ভিডিঅ' এলবামটোৰ ওপৰত নিষেধাজ্ঞা দাবী কৰি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে 'মধুবন মে ৰাধিকা নাচে' গানটোত "অশ্লীল" নৃত্য প্ৰদৰ্শন কৰি তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত অনুষ্ঠিত Bhart ko jaano শীৰ্ষক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.