ETV Bharat / sitara

কেদাৰনাথ দৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন চাৰা আলী খান

author img

By

Published : Nov 6, 2021, 11:50 AM IST

চাৰা আলী খানে কেদাৰনাথ দৰ্শনৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে একাংশ মুছলমান সমৰ্থক অসন্তুষ্ট হৈ পৰিছে । মুছলমান হৈও হিন্দুৰ ধৰ্মীয় স্থান দৰ্শন কৰাৰ বাবে একাংশই সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক ।

Sara Ali Khans Kedarnath visit
কেদাৰনাথ দৰ্শন কৰি সমালোচনাৰ সন্মুখীন চাৰা আলী খান

চিটাৰা ডেস্ক, ৬ নৱেম্বৰ : শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী চাৰা আলী খান (Sara Ali Khan) আৰু জাহ্নৱী কাপুৰে (Janhvi Kapoor) একেলগে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছিল । কেদাৰনাথ মন্দিৰত (Kedarnath temple) প্ৰাৰ্থনা কৰা দুয়োগৰাকীৰে কেইবাখনো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বহুতে দুয়োগৰাকীৰ আধ্যাত্মিকতাক প্ৰশংসা কৰিছে ।

কিন্তু সামাজিক মাধ্যমত একাংশই আকৌ চাৰা আলী খানক মূৰ্তি পূজা কৰাৰ বাবে সমালোচনা কৰাও দেখা গৈছে । চাৰাই ইনষ্টাগ্ৰামত (Instagram) ফটো শ্বেয়াৰ কৰাৰ লগতে এক সুন্দৰ কেপচন (caption) দিছিল । কিন্তু অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ভবা নাছিল যে, তেওঁ সামাজিক মাধ্যমত ট্ৰ'লৰ (troll) সন্মুখীন হ'ব । চাৰা মুছলমান হোৱাৰ বাবে মন্দিৰ দৰ্শন কৰাক লৈ একাংশ লোকে সমালোচনা কৰিছে ।

ইনষ্টাগ্ৰামত তেওঁৰ পোষ্টত বহুতে নেতিবাচক কমেণ্ট কৰে ৷ বহুতে আকৌ চাৰা আলী খানক ধৰ্ম সলনি কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি তেওঁ নিজৰ ধৰ্মক নিন্দা কৰা বুলিও সমালোচনা কৰিছিল । চাৰা আলী খানৰ বাবে এইটো অতি শুভ মূহুৰ্ত আছিল যদিও অভিনেত্ৰীগৰাকী যথেষ্ঠ সমালোচনাৰ সন্মুখীন হয় ।

অৱশ্যে অভিনেত্ৰীগৰাকীৰ পিতৃ তথা অভিনেতা চৈইফ আলী খানে পূৰ্বে বহুবাৰ এই ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল । ইয়াৰ মাজতে আকৌ বহুতে চাৰাক সমৰ্থন কৰাও দেখা গৈছে । চাৰাৰ পোষ্টটো প্ৰায় ২.১৭ নিযুত লোকে লাইক কৰিছে যাৰ তুলনাত কৰা সমালোচনা তেনেই নগণ্য ।

লগতে পঢ়ক: আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.