চিটাৰা ডেস্ক,10 এপ্ৰিলঃ বলীউড চুপাৰষ্টাৰ চলমান খানৰ এটা শেহতীয়া ভিডিঅ'য়ে খলকনি তুলিছে অনুৰাগীৰ মাজত ৷ ভিডিঅ'টোত অভিনেতা গৰাকীয়ে ৰাতিপুৱাৰ সময়ত নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ঘাঁহ খোৱা অদ্ভুত দৃশ্যই সকলোকে হাঁহিৰ খোৰাক দিছে ৷ চলমান খানে ঘোঁৰাটোক পাত খুওৱাৰ লগতে নিজেও ঘোঁৰাটোৰ সৈতে চুবাই চুবাই খাইছে পাতখিনি ৷ ভিডিঅ'টোৰ কেপচনত তেওঁ লিখিছে, "মোৰ মৰমৰ ঘোঁৰাটোৰ সৈতে পুৱাৰ আহাৰ ৷" পাতখিনি খাই উঠি চলমান খানে " বহুত ভাল লাগিল " বুলি উল্লেখ কৰে ৷ লগতে ভিডিঅ'টো চাই এনেকুৱা অনুভৱ হয় যে, তেওঁ যথেষ্ট আনন্দ আৰু তৃপ্তিৰে পাতখিনি খাইছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বিশ্বৰ এনে আতংকৰ মাজতো এনে কিছু ঘটনাই মানুহক হাঁহিৰ খোৰাক দিয়াৰ লগতে আনন্দিত কৰি ৰাখিছে ৷
লগতে পঢ়কঃক'ভিড-19ৰোধৰ বাবে পুনৰ 3 কোটি টকা দিলে অক্ষয় কুমাৰে