ETV Bharat / sitara

54 বছৰীয়া হ'ল অভিনেতা চলমান খান

author img

By

Published : Dec 27, 2019, 3:10 PM IST

Updated : Dec 27, 2019, 3:25 PM IST

আজি বলীউডৰ দাবাংগ খানৰ জন্মদিন ৷ 1965 চনৰ 27 ডিচেম্বৰত জন্ম লাভ কৰা চলমান খানে সম্পূৰ্ণ কৰিলে জীৱনৰ 54 টা বছৰ ৷ আহকচোন বৰ্ষটোৰ অন্তিম সময়ত চাও,চলমান খানে কেনেদৰে পাৰ কৰিলে 2019 বৰ্ষটো ৷

SALMAN KHAN BIRTHDAY SPECIAL
54 বছৰীয়া হ'ল অভিনেতা চলমান খান

মুম্বাই,27 ডিচেম্বৰঃ বলীউড জগতৰ ভোটাতৰা চলমানখানৰ আজি 54 সংখ্যক জন্মদিন ৷ অভিনেতা চলমান খান ভাইজান,দাবাংগ খান,টাইগাৰ,চিকণ্ডৰ,চুলতান আৰু বহুতো নামেৰে অনুৰাগীৰ মাজত পৰিচিত ৷ অনুৰাগীসকলে তেওঁৰ ছবিৰ বাবে অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰে ৷ আহক আজি তেওঁৰ জন্মদিনটোত চকু ফুৰাই চাও কেনেদৰে পাৰ হ'ল তেওঁৰ 2019 বৰ্ষটো....

SALMAN KHAN BIRTHDAY SPECIAL
চলমান খান

ভাৰতে জিনিলে হৃদয়ঃ

এই বৰ্ষৰ ঈদত মুক্তি পাইছিল চলমান খানৰ ছবি 'ভাৰত' ৷ সদায়ৰ দৰেই ছবিখনে অনুৰাগীৰ পৰা যথেষ্ট মৰম বুটলিবলৈ সক্ষম হ'ল ৷ ছবিখনে চাৰিদিনত 100 কোটি ক্লাৱ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে 14 দিনত অৰ্জন কৰে 200 কোটি টকা ৷

ভাঞ্চালীৰ সৈতে ইনচাআল্লাহঃ

এই বৰ্ষত যথেষ্ট চৰ্চা লাভ কৰিলে যে ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে চলমান খানে একেলগে কাম কৰিব ইনচাআল্লাহ ছবিখনত ৷ কিন্তু পিছত খবৰ আহিল যে, এই ছবিখনৰ কাম তল পৰিল ৷ মাজতে কিছু খবৰ বিয়পি পৰিছিল যে,ভাঞ্চালী আৰু চলমানৰ মাজত ভাল সম্বন্ধ নাই,চলমানে স্ক্ৰীপ্টত কিছু সাল-সলনি বিচাৰিছিল ইত্যাদি ৷ অৱশ্যে চলমানে স্পষ্টীকৰণ দিয়ে যে, ছবি নিৰ্মাতা আৰু তেওঁৰ মাজত ভাল বন্ধুত্ব আছে আৰু সদায় থাকিব আৰু ভৱিষ্যতে ইনচাআল্লাহৰ কাম দুয়ো একেলগে কৰিব ৷

শৰীৰ চৰ্চা সঁজুলিৰ ব্ৰেণ্ড উন্মোচনঃ

নিজৰ ফিটনেচৰ কাৰণে সদায় প্ৰশংসিত হোৱা চলমান খানে নিজৰ অনুৰাগীসকলক ফিট থাকিবৰ বাবে সদায়েই উপেদশ দিয়ে ৷ তেওঁ নিজৰ ফিটনেছ ব্ৰেণ্ড 'বীইং ষ্ট্ৰং' নামেৰে এটা ব্ৰেণ্ড উন্মোচন কৰে ৷

SALMAN KHAN BIRTHDAY SPECIAL
চলমান খান

প্ৰাণে মৰাৰ ভাবুকি লাভ কৰিছিলঃ

ক'লা হৰিণ চিকাৰ কৰাৰ প্ৰসংগত ছেপ্টেম্বৰত জোধপুৰ আদালতত শুনানি হোৱাৰ কথা আছিল ৷ কিন্তু এই শুনানিৰ আগতেই চলমান খানক চ'ছিয়েল মিডিয়াত সৌপু নামৰ গেঙে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷ সেই গেং টোৰ সদস্যই চলমানৰ ফটোত ৰঙা ক্ৰছৰে আঁকি লিখে যে, 'ভাৰতৰ আইনে চলমানক ক্ষমা কৰি দিলেও বিষ্ণৈ সমাজে চলমানক মৃত্যুৰ শাস্তি ঘোষণা কৰিছো ৷'

SALMAN KHAN BIRTHDAY SPECIAL
চলমান খান

বিগ বচ 13 বন্ধ কৰিবৰ বাবে চলমানৰ ঘৰৰ সমুখত বিৰোধ প্ৰদৰ্শনঃ

টেলিভিছন ৰিয়েলিটী শ্ব' বিগ বচ 13ত লাভ জেহাদ প্ৰৰোচনা দিয়াৰ ক্ষেত্ৰত দেশৰ বিভিন্ন কোণৰ পৰা এই শ্ব'টো বন্ধ কৰিবৰ বাবে দাবী তুলিছিল ৷ এই শ্ব'টোৰ বিৰোধিতা কৰি চলমান খানৰ ঘৰৰ সমুখতো বিৰোধ প্ৰদৰ্শন কৰিছিল ৷

SALMAN KHAN BIRTHDAY SPECIAL
চলমান খান

দাবাংগ-3 টাইটেল ট্ৰেকৰ ওপৰত বিবাদঃ

কিছু হিন্দু সংগঠনে দাবাংগ-3ৰ আৱহ সংগীতত গেৰুৱা বসন পিন্ধা সাধুৱে গীটাৰ বজাই থকা দৃশ্যক লৈ আপত্তি প্ৰদৰ্শন কৰে ৷ চলমান খানে এই বিবাদক কেন্দ্ৰ কৰি কয় ," যেতিয়া কোনো ডাঙৰ ছবি,ৰিলিজ হ'ব লগা থাকে তেতিয়া এই ধৰণৰ কিবা নহয় কিবা বিবাদ সৃষ্টি হয় ৷ অন্ততঃ তেওঁলোকে ছবিখন যে,ডাঙৰ ছবি বুলি মানে লৈছে সেইটোৰ বাবে মই যথেষ্ট সুখী ৷ "

বিগ বচ 13ত ঘোষক নোহোৱাৰ সিদ্ধান্ত গ্ৰহণঃ

যোৱা কিছু দিনৰ পূৰ্বে চলমান খানে,বিগ বচ 13 টেলিভিছন শ্ব'টোৰ বাবে নিৰ্মাতাক নতুন ঘোষক বিচাৰিবলৈ কয় ৷ শ্ব'টোত সদায় ঘৰত সোমাই সোমাই প্ৰতিযোগীসকল যথেষ্ট খঙাল হৈ পৰে আৰু সেই ব্যৱহাৰত চলমান খানে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰে ৷

SALMAN KHAN BIRTHDAY SPECIAL
54 বছৰীয়া হ'ল অভিনেতা চলমান খান

ই টি ভি ভাৰত অসমৰ তৰফৰ পৰাও অভিনেতাগৰাকীক জনালো জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়কঃ2019 বৰ্ষৰ মিচ ইণ্ডিয়া সুমন ৰাওৰ সৈতে ই টি ভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

Intro:Body:Conclusion:
Last Updated : Dec 27, 2019, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.