ETV Bharat / sitara

‘আদিপুৰুষ’ত ছেইফৰ চৰিত্ৰই সীতাৰ অপহৰণৰ ন্যায় প্ৰদান কৰিব - ছেইফৰ চৰিত্ৰ

অভিনেতা ছেইফ আলী খানৰ আগন্তুক ছবি ‘আদিপুৰুষ’ প’ষ্টাৰ মুকলি হোৱাৰ পাচত নেটিজেনছে চ’ছিয়েল মিডিয়াযোগে ছেইফক ট্ৰ’ল কৰা দেখা পৰিলক্ষিত হয় ৷ ছবিখনত সীতাক অপহৰণৰ পাচত এই দৃশ্যই যুক্তিযুক্ততা আনিব আৰু ছেইফৰ চৰিত্ৰই ন্যায় প্ৰদান কৰিব বুলি ছেইফে এক সাক্ষাৎকাৰযোগে জানিবলৈ দিয়ে ৷

saif ali khan reaction
ছেইফ আলী খানৰ মন্তব্য
author img

By

Published : Dec 5, 2020, 2:28 PM IST

চিটাৰা ডেস্ক,5 ডিচেম্বৰ : শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত অভিনেতা ছেইফ আলী খানে তেওঁৰ আগন্তুক ছবি ‘আদিপুৰুষ’ সম্পৰ্কে কিছু কথা শ্বেয়াৰ কৰে ৷ ছবিখনত সীতাক অপহৰণৰ পাচত এই দৃশ্যই যুক্তিযুক্ততা আনিব আৰু ছেইফৰ চৰিত্ৰই অপহৰণৰ ন্যায় প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বিগত ছেপ্তেম্বৰ মাহত আদিপুৰুষৰ পৰা ছেইফক আতঁৰোৱাৰ কথা-বতৰা চলি আছিল ৷ নেটিজেনছে তেওঁৰ ছবি নোচোৱাৰ হুংকাৰ প্ৰদান কৰি ছবিখনৰ নিৰ্মাতাক তেওঁক আঁতৰাবলৈ আহ্বান জনায় ৷ অৱশ্যে এই সন্দৰ্ভত টুইটাৰত কিছু সময়ৰ বাবে ছেইফক ঠাট্টা কৰাৰ পাচত ইয়াৰ অৱসান ঘটে ৷

‘লংকেশ’ৰ চৰিত্ৰত ছেইফৰ ভুমিকা সম্পৰ্কে ছবি নিৰ্মাতাই কয় যে, ‘‘প’ষ্টাৰ দেখাতকৈ ছেইফক ছবিত অন্য এক লুকত দৰ্শকে দেখিবলৈ পাব’’ ৷

ছবিখনত সীতা অপহৰণৰ লগতে লংকাপতি ৰাৱণৰ ৰামৰ সৈতে যুদ্ধ, শূৰ্পনাশাৰ নাক কটা আদি দৃশ্যও দেখুওৱা হ’ব বুলি ৱেবলইডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতা ছেইফে মন্তব্য কৰে ৷

লগতে পঢ়ক : জ্যেষ্ঠসকলৰ প্ৰতি অশালীন মন্তব্য নকৰিবলৈ কংগনাক আহ্বান স্বৰা ভাস্কৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.