ETV Bharat / sitara

'তালাক' পৃথিৱীৰ আটাইতকৈ বেয়া বস্তুঃ চেইফ আলি খান

author img

By

Published : Jan 22, 2020, 8:07 PM IST

2004 চনত নিজৰ প্ৰথম পত্নী অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদ হোৱা চেইফ আলি খানে ক'লে , 'তালাক' পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু ৷

saif ali khan
চেইফ আলি খান

চিটাৰা ডেস্ক, 22 জানুৱাৰীঃ অভিনেতা চেইফ আলি খানে প্ৰথম পত্নী অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ 16 বছৰৰ পিছত ব্যক্ত কৰিলে যে তেওঁ এই কথাটোৰ সৈতে শান্তি বনাবলৈ এতিয়াও যথেষ্ট সংঘৰ্ষ কৰি আছে ৷ বৰ্তমান চেইফে নিজৰ আগন্তুক ছবি জাৱানী জানেমনক লৈ যথেষ্ট উৎসাহিত হৈ থকাৰ লগতে ব্যস্ত আছে ছবিখনৰ প্ৰচাৰৰ কামত ৷ শেহতীয়াকৈ এটা অগ্ৰণী পৰ্টেলৰ সৈতে এক্সক্লুসিভ কথা বতৰাৰ যোগেৰে চেইফ আলি খানে, অমৃতা সিঙৰ সৈতে নিজৰ সম্পৰ্ক, সন্তান চাৰা, ইব্ৰাহিম, টাইমূৰৰ কথা মুকলিকৈ আলোচনা কৰে ৷

চেইফে আলি খানে ক'লে, "সেইটো মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল ৷ মোৰ এতিয়াও অনুভৱ হয়, যদি কিবা বেলেগ হ'লহেঁতেন ! কিছুমান বস্তু এনেকুৱা আছে যি কেতিয়াও থিক নহয় ৷ বহু সময় মই শান্তি বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰিছিলো ৷ সেই সময়ত মোৰ বয়স মাত্ৰ 20 বছৰ হৈছিল ৷ এতিয়া বহুত কিবা কিবিয়েই সলনি হৈ গ'ল ৷ পিতৃ-মাতৃ দুয়োৱে নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে ৷ অৱশ্যে তেওঁলোকৰো জীৱনৰ কথা আছে ৷ সেয়ে মৰ্ডান ৰিলেশ্বনশ্বিপত কাৰো অসুবিধা হ'ব নালাগে ৷"

জনাই থওঁ যে, 90 দশকতে চেইফ আৰু অমৃতা বিবাহপাশত আৱদ্ধ হৈছিল ৷ দুয়োৰে আছে দুটাকৈ সন্তান, চাৰা আলি খান আৰু ইব্ৰাহিম খান ৷ কিছু বছৰৰ পাছত দুয়োৱে নিজস্ব কাৰণত বিবাহ বিচ্ছেদ কৰিছিল ৷ ইয়াৰ পিছত 2008চনত ছবি টছনৰ শ্বুটিঙৰ জৰিয়তে ওচৰ চাপে কৰীণা আৰু চেইফ আলি খান ৷ চাৰি বছৰ জুৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত চেইফে কৰীণা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ দুয়োৰে সম্প্ৰতি টাইমূৰ আলি খান নামৰ এটা মৰমলগা এটা সন্তানো আছে ৷

কামৰ কথালৈ গ'লে , চেইফ আলি খানক দেখিবলৈ পোৱা যাব 31জানুৱাৰীত আহিবলগীয়া ছবি জৱানী জানেমনত ৷ ইয়াৰোপৰি তেওঁৰ আহিবলগীয়া ছবিৰ তালিকাত আছে 'দিল বেচাৰা',' ভূত-পুলিচ', 'বন্টী অৰ বাবলী 2'৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলে

Intro:Body:

saif ali khan says divorce is worst thing in the world

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.