চিটাৰা ডেস্ক, ২৩ জুন : অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যুৰ পিছৰে পৰা কেইবা মাহো ধৰি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ পিছত নিয়মীয়াকৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty) । শেহতীয়া ছ'চিয়েল মিডিয়া পোষ্টত ৰিয়াই 'উৰিবলৈ' শিকিবলৈ আৰু 'ধুমুহা'ৰ বিষয়ে উল্লেখ কৰিছে । মঙলবাৰে নিশা ৰিয়াই ইনষ্টাগ্ৰামত দুটা পোষ্ট শ্বেয়াৰ কৰে ।
এই পোষ্ট দুটাৰ জৰিয়তে ৰিয়াই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁৰ ইচ্ছা থকাৰ ইংগিত দিয়ে । শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি ৰিয়াই লিখিছে, "মই ভাৱিছিলো যে মায়ে মোক খোজ কাঢ়িবলৈ শিকাইছে, কোনে জানিছিল যে মই উৰিবলৈ শিকিম" । আন এটা পোষ্টত ৰিয়াই নিজৰ জীৱনলৈ অহা বিপদবোৰ দূৰ কৰি পুনৰ এটা সুন্দৰ জীৱন যাপন কৰাৰ আশা প্ৰকট কৰি লিখিছে যে, ৰাতিপুৱাৰ আগতে সদায় আন্ধাৰ থাকে ।
ইফালে, ৰিয়াই পোষ্টত যি ধুমুহাৰ কথা কৈছে, সেয়া স্পষ্টতঃ ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ এপাৰ্টমেণ্টত সুশান্তক মৃত অৱস্থাত পোৱাৰ পিছত তেওঁৰ ওপৰত চলা মানসিক আক্ৰমণ কথা কৈছে ।
সুশান্তৰ মৃত্যুৰ পিছত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (Central Bureau of Investigation) আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'(Narcotics Control Bureau)ৰ দ্বাৰা বলীউডত ড্ৰাগছ সম্পৰ্কীয় অভিযোগকে ধৰি কেইবাটাও অভিযোগৰ তদন্ত আৰম্ভ হৈছিল । সুশান্তৰ পিতৃ কে কে সিঙে আনকি ৰিয়াৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচতনি দিয়াৰো অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল । লগতে ৰিয়াৰ বিৰুদ্ধে ধন হৰলুকি কৰাৰো অভিযোগ উত্থাপন কৰিছিল ।
আনহাতে, ৰিয়াই শেহতীয়াকৈ অভিনেতা অমিতাভ বচ্চন আৰু ইমৰান হাছমী অভিনীত 'চেহৰে' ছবিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে । সুশান্তৰ মৃত্যুৰ পিছত এইখন তেওঁৰ প্ৰথম ছবি, যি শীঘ্ৰেই মুক্তি লাভ কৰিব । ৰুমি জেফ্ৰীয়ে পৰিচালনা কৰা 'চেহৰে'ত অন্নু কাপুৰ, ৰঘুবীৰ যাদৱ, ক্ৰিষ্টল ডিচুজায়ো অভিনয় কৰিছে ।