চিটাৰা ডেস্ক,9 আগষ্টঃ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ বয়ফ্ৰেণ্ড তথা জনপ্ৰিয় তাৰকা সুশান্ত সিং ৰাজপুতৰ সম্পত্তিৰ কথা প্ৰকাশ কৰি ছ'চিয়েল মিডিয়া যোগে এটা প'ষ্ট শ্বেয়াৰ কৰে ৷ সুশান্তৰ এটা চিপাৰ বটল দেখুৱাই অভিনেত্ৰীগৰাকীয়ে লিখে,তেওঁৰ ওচৰত থকা সুশান্তৰ একমাত্ৰ সম্পত্তি সেই বটলটো ৷

ইফালে অভিনেত্ৰীগৰাকীৰ অধিবক্তা সতীশ মানচিণ্ডে ৰিয়াৰ নোটবুকত সুশান্তই লিখা কৃতজ্ঞতা সূচীৰ এখন ফটো শ্বেয়াৰ কৰে ৷
নোটবুকখনত অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে,তেওঁৰ জীৱনত ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ উপস্থিতিৰ বাবে যথেষ্ট কৃতজ্ঞ অভিনেতাগৰাকী ৷

নোটবুকখনত লিলু বুলি ৰিয়াৰ ভাতৃৰ কথা,বেবু বুলি ৰিয়াৰ কথা,ছাৰ বুলি ৰিয়াৰ পিতৃৰ কথা আৰু মেম বুলি ৰিয়াৰ মাতৃ কথা উল্লেখ কৰিছে বুলি জানিবলৈ দিছে ৷
লগতে পঢ়কঃক্ৰমাৎ সুস্থ হৈ উঠিছে অভিনেতা সঞ্জয় দত্ত