ETV Bharat / sitara

SSRক স্মৰণ : অভিনেতাগৰাকীৰ উৎকৃষ্ট সংলাপবোৰ হৈ ৰ’ব চিৰস্মৰণীয়

অতি কম সময়ৰ ভিতৰতে অভিনয়েৰে এক সফল অভিনেতা হিচাপে পৰিচয় দাঙি ধৰা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যু বাৰ্ষিকীত তেওঁক স্মৰণ ৷ সুশান্তৰ কিছু সংলাপ আজিও বাজি আছে দৰ্শক তথা অনুৰাগীৰ মন-মগজুত ৷

author img

By

Published : Jun 14, 2021, 12:31 AM IST

Updated : Jun 14, 2021, 7:14 AM IST

Remembering SSR
SSRক স্মৰণ

চিটাৰা ডেস্ক,14 জুন : বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছে সমগ্ৰ বলীউডৰ লগতে অনুৰাগীসকলে ৷ কম সময়ৰ ভিতৰতে অভিনয়েৰে এক সফল অভিনেতা হিচাপে পৰিচয় দাঙি ধৰা সুশান্তৰ কিছু সংলাপ হৈ ৰ’ব চিৰস্মৰণীয় ৷

‘Kai Po Che’ ছবিখনেৰে বলীউডত খোজ পেলাইছিল সুশান্ত সিং ৰাজপুতে ৷ ছবিখনত সুশান্তে কোৱা কিছু সংলাপ আজিও আমাৰ মন-মগজুত বিৰাজমান ৷ ছবিখনত সুশান্তে কৈছিল, "Isse kehte hai life, Govi. Tere noton ki khushboo se laakh guna behtar. Tere sikko ki chhan chhan se mere hawa ki kimat kam ho rahi hai, bakaa," (এয়াই জীৱন ৷ নোটৰ সুগন্ধিতকৈ লাখ গুণ ওপৰত ৷ পইচাৰ চন্ চন্ শব্দতকৈ মোৰ বতাহৰ দাম বহু কমি গৈছে) ৷

sushant in Kai Po Che
Kai Po Cheত সুশান্ত

মনীষ শৰ্মা (Maneesh Sharma)ৰ ৰোমাণ্টিক ক’মেডি (Romantic Comedy) ছবি ‘Shuddh Desi Romance’ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছিল সুশান্তে ৷ ছবিখনত কোৱা হয় যে, ভাৰতীয় পুৰুষসকল কেতিয়াও নিজৰ বিবাহক লৈ নিশ্চিত নহয় ৷ ছবিখনত ‘ৰঘু’ নামৰ এজন যুৱকৰ ভূমিকা পালন কৰি সুশান্তে কৈছিল, "Relationship humari bhi hui hain, jamke hui hai. Lekin Iss shaadi aur commitment saali aur baat hai. Shaadi na ho gayi ICU ka glucose ho gaya, har cheese ka ilaaj."(বিবাহ আৰু প্ৰতিশ্ৰুতি অন্য বিষয় ৷ বিয়া নহ’ল ICUৰ গ্লুক’জ হৈ গ’ল ৷ সকলো বস্তুৰে চিকিৎসা) ৷

sushant in Shuddh Desi Romance
Shuddh Desi Romanceত সুশান্ত

‘PK’ ছবিখনত শ্বৰফৰাজ ইউচুফ নামৰ এজন যুৱ কবিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল সুশান্তে ৷ ছবিখনত অনুষ্কা শৰ্মা অৰ্থাৎ জগ্গুলৈ শ্বৰফৰাজে প্ৰেমৰ প্ৰস্তাৱ দিছিল এনেদৰে, "Jis mehfil ne thukraya humko, kyun us mehfil ko yaad kare... Aage lamhe bula rahe hai, aao unke saath chale." (যিয়ে আমাৰ সৈতে বিশ্বাসঘাটকতা কৰিছে, কিয় আমি তেওঁলোকক মনত পেলাও...আগলৈ ভাল সময়ে হাত বাউলি মাতিছে ৷ আমি তাৰ সৈতে আগবাঢ়ো ) ৷

sushant in PK
PKত সুশান্ত

দিবাকৰ বেনাৰ্জী (Dibakar Banerjee)ৰ ‘Detective Byomkesh Bakshy’ ছবিখনত সুশান্তৰ দুটা সংলাপে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ প্ৰথমটো সংলাপ আছিল, "Mahashay ka naam Bakshy, Byomkesh Bakshy." (মহাশয়ৰ নাম বক্সি, ব্যমকেশ বক্সি) ৷ সুশান্তৰ আনটো সংলাপ আছিল, "Sach ke aas paas wala jhooth pakadna mushkil hota hai," (সঁচাৰ আশে-পাশে থকা মিছাবোৰ ধৰিবলৈ বৰ কঠিন) ৷

sushant in Detective Byomkesh Bakshy
Detective Byomkesh Bakshyত সুশান্ত

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni)ৰ আত্মজীৱনী ‘M.S. Dhoni: The Untold Story’ত ধোনীৰ চৰিত্ৰ ৰূপায়ণ কৰা সুশান্তৰ অভিনয়ক কোনে পাহৰিব পাৰে ? ছবিখনৰ আটাইতকৈ উৎকৃষ্ট মানৰ আৰু দৰ্শকৰ হৃদয় চুই যোৱা সংলাপটো আছিল, "Life me sab ball ek samaan thode na milega, merit par khelna hai aur tike rehna hai, scoreboard apne aap badhega," (জীৱনত সকলো বল একে জোখৰ নিমিলে ৷ যোগ্যতাৰে খেলিব লাগে আৰু বৰ্তি থাকিব লাগে, নম্বৰ নিজে নিজেই বাঢ়ি থাকিব ) ৷

sushant in M.S. Dhoni: The Untold Story
M.S. Dhoni: The Untold Storyত সুশান্ত

দীনেশ বিজন (Dinesh Vijan)ৰ ৰোমাণ্টিক (Romantic) ছবি ‘Raabta’ৰ পৰা সুশান্তৰ জনপ্ৰিয় সংলাপটো আছিল, "Aasman pe utha sailaab... Chand jale joh aftab... Aag ke dariye mein doobke joh na huye paar... Ek saans reh jayegi udhaar," (আকাশলৈ উঠা জোৱাৰ... জোন জ্বলা উত্তাপ... জুইৰ আঙঠাৰ মাজেৰে নোহোৱা প্ৰেম... ধাৰলৈ ৰৈ যাব এটা উশাহ) ৷

sushant in Raabta
Raabtaত সুশান্ত

অভিষেক কাপুৰ (Abhishek Kapoor)ৰ ‘Kedarnath’ ছবিখনত সুশান্তৰ ‘Mansoor Khan’ চৰিত্ৰটোৱে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ৷ যেতিয়া মনচুৰক ধৰ্মৰ ওপৰত থকা বিশ্বাস সন্দৰ্ভত প্ৰশ্ন কৰা হয়, তেতিয়া মনচুৰৰ উত্তৰ আছিল এনেধৰণৰ, "Hum toh hamesha se yahan hai, aapke saath, beech mein kahan se aagaye? Pushtey humari seva karti aayi hai, shraddha mein hum unke shamil hue hain, kandhon pe baith ke teerat karaye hain, om namah shivaay-om namah shivaay ke hullarein lagaye hain, Yatriyon ke antim samay mein kaano mein jaake shiv ji ka naam phoonka hai, humein kaise bahar nikalenge?" (মই সদায় ইয়াত আছো ৷ কান্ধত লৈ মই যাত্ৰীক ধামলৈ লৈ যাওঁ, ওম নমঃ শিৱায় ধ্বনি দিওঁ) ৷

sushant in Kedarnath
Kedarnathত সুশান্ত

এক্সন (Action) ছবি ‘Sonchiriya’ত সুশান্ত সিং ৰাজপুতে ‘Lakhan Singh’ নামৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৷ ছবিখনত সুশান্তৰ অন্যতম শক্তিশালী সংলাপটো আছিল, "Haram ki naurkri jee ka janjaal hain."

sushant in Sonchiriya
Sonchiriyaত সুশান্ত

সুশান্তৰ এখন পাহৰিব নোৱাৰা ছবি হৈছে নীতেশ তিৱাৰী (Nitesh Tiwari)ৰ দ্বাৰা পৰিচালিত ছবি ‘Chhichhore’ ৷ ছবিখনৰ জৰিয়তে জীৱনৰ সফলতা আৰু বিফলতাৰ লগতে অটুট বন্ধুত্বৰ এক আভাষ দাঙি ধৰা হৈছে ৷ ছবিখনত ‘Anirudh Pathak’ৰ চৰিত্ৰ ৰূপায়ণ কৰা সুশান্তৰ সংলাপ আছিল এনেধৰণৰ, "Success ke baad ka plan sabke paas hai... Lekin agar galti se fail ho gaye... Toh failure se kaise deal karna hai... Koi baat hi nahi karna chahta." (সফলতাৰ পাচতে সকলোৰে হাতত পৰিকল্পনা থাকে... কিন্তু যদি কেনেবাকৈ বিফল হোৱা যায়, তেন্তে বিফলতাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে... কোনেও কথা পাতিব নিবিচাৰে) ৷

sushant in Chhichhore
Chhichhoreত সুশান্ত

"Janam kab hai aur marna kab hai yeh hum decide nahi karte. Par jeena kaise hai woh hum decide kar sakte hai." (জন্ম কেতিয়া হয় আৰু কেতিয়া মৰিব লাগিব, সেয়া আমি সিদ্ধান্ত নলওঁ ৷ কিন্তু কেনেকৈ জীয়াই থাকিম, তাৰ সিদ্ধান্ত আমি ল’ব পাৰো) ৷ সুশান্তৰ অন্তিমখন ছবি ‘Dil Bechara’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাচতে সুশান্তৰ এই সংলাপটো সামাজিক মাধ্যমত অধিক চৰ্চিত হৈ পৰিছিল ৷

sushant in Dil Bechara
Dil Becharaত সুশান্ত

লগতে পঢ়ক : 15জুনত মুক্তি পাব ‘হাছিনা দিলৰুৱা’ৰ প্ৰথমটো গীত

Last Updated : Jun 14, 2021, 7:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.