ETV Bharat / sitara

COVID-19ৰ পৰা হাত সাৰিবৰ বাবে ঘৰতেই শ্বুটিং কৰিলে ৰবীনা টেণ্ডনে - অভিনেত্ৰী ৰবীনা টেণ্ডন

সকলোখিনি সাৱধানতা অৱলম্বনৰ লগতে কম সংখ্যক ক্ৰিউ সদস্যক লৈ ৰবীনা টেণ্ডনে ঘৰতেই সম্পন্ন কৰিলে এটা বিজ্ঞাপনৰ শ্বুটিং ৷

Raveena Tandon shoots commercial at home amid COVID-19
COVID-19ৰ পৰা হাত সাৰিবৰ বাবে ঘৰতেই শ্বুটিং কৰিলে ৰবীনা টেণ্ডনে
author img

By

Published : Jul 15, 2020, 2:49 PM IST

চিটাৰা ডেস্ক,15জুলাইঃ ভয়ংকৰ হাৰত চলি থকা মহামাৰীৰ বাবে ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ বিশ্ববাসী ৷ বিভিন্ন উদ্যোগৰ লগতে ক্ষতিগ্ৰস্ত হৈছে মনোৰঞ্জন উদ্যোগো ৷ বাদ পৰা নাই বলীউড ক্ষেত্ৰও ৷ বহু সময় ধৰি উদ্যোগটো বন্ধ হৈ পৰি থকাৰ ফলত ইয়াৰ লগত জড়িত সকলো লোকেই সমস্যাৰ সন্মুখীন হৈছে ৷ শেহতীয়াকৈ কিছু সংখ্যকে শ্বুটিং আৰম্ভ কৰিছে ৷ সেয়া ছবিৰে হওক বা ধাৰাবাহিকৰে হওক বা বিজ্ঞাপনৰে হওক ৷

বহুজনে সাৱধানতা অৱলম্বন কৰি আগবাঢ়ি আহিছে শ্বুটিং কৰাৰ বাবে ৷ কিন্তু তাৰ মাজতে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰ মাজতে অভিনেত্ৰী ৰবীনা টেণ্ডনে সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰি নিজৰ ঘৰতেই শ্বুটিং আৰম্ভ কৰিছে ৷ মুম্বাইস্থিত নিজ গৃহত এটা বিজ্ঞাপনৰ শ্বুটিং কৰে অভিনেত্ৰীগৰাকীয়ে ৷ সকলোখিনি সাৱধানতা অৱলম্বনৰ লগতে যথেষ্ট কম সংখ্যক ক্ৰিউ সদস্যক লৈ ৰবীনা টেণ্ডনে সম্পন্ন কৰে বিজ্ঞাপনটোৰ শ্বুটিং ৷

লক্ ডাউনৰ পিছত শ্বুটিং কৰাৰ অনুভৱখিনি অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰে এইদৰে,"কাম কৰাৰ পৰিৱেশ সলনি হ'ল কিন্তু আমি যেনেদৰে কও, পৰিৱতৰ্নৰ স্থিৰতা ৷ খুব কম সংখ্যক ক্ৰিউ সদস্যক লৈ আমি কম সময়ৰ ভিতৰত কাম সম্পন্ন কৰিছো ৷ কেৱল দুজন মানুহকেই অনুমতি দিছো ৷ এজন কেমেৰামেন আৰু আনজন চাউণ্ড ৰেকৰ্ডিষ্ট ৷ "

লগতে কয়," তেওঁলোকে পি.পি.ই কিট পিন্ধি আছিল আৰু ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো ধৰণৰ বীজাণুনাশক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ মই ক্ৰিউ সদস্যকেইজনৰ সৈতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিছো আৰু এই শ্বুটিঙৰ পিছত মই "নিউ নৰ্মেল" পৰিৱেশৰ বাবে সাজু হৈ উঠিছো ৷"

অভিনেত্ৰীগৰাকীৰ কামৰ কথালৈ চালে,অতি সোনকালেই ৰবীনাক কে.জি.এফঃ চেপ্টাৰ-2ত দেখিবলৈ পোৱা যাব ৷ 45 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে আগন্তুক ছবিত ৰামিকা সেনৰ চৰিত্ৰত অভিনয় কৰিব ৷ উল্লেখ্য যে,এই ছবিখন সমগ্ৰ বিশ্বতে কানাড়া,তামিল,তেলেগু,মালায়ালাম আৰু হিন্দী সহিতে বহু কেইটা ভাষাত মুক্তি পাব ৷

লগতে পঢ়কঃগ্ৰন্থৰ ৰূপত প্ৰকাশ পাব চুনু চুডে প্ৰৱাসী শ্ৰমিকক কৰা সহায়ৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.