ETV Bharat / sitara

গাৰ্হস্থ্য হিংসাৰ অভিযোগ সন্দৰ্ভত কি ক'লে হানি সিঙে ? - ইনষ্টাগ্ৰাম পোষ্ট

পত্নী শালিনী তলৱাৰে উত্থাপন কৰা গাৰ্হস্থ্য হিংসা(Domestic violence)ৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জনপ্ৰিয় ৰেপাৰ হানি সিঙে(Honey Singh) । মঙলবাৰে হানি সিঙৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ তুলি তিছ হাজাৰী আদালতৰ দ্বাৰস্থ হয় । অৱশ্যে হানি সিঙে উত্থাপিত অভিযোগৰ সত্যাসত্য অস্বীকাৰ কৰিছে ।

Honey Singh has released a statement on domestic violence case
ঘৰুৱা হিংসাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ হানি সিঙৰ
author img

By

Published : Aug 7, 2021, 12:44 PM IST

চিটাৰা ডেস্ক, ৭ আগষ্ট : অৱশেষত মৌনতা ভংগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা ৰেপাৰ হানি সিঙে(Honey Singh) । কণ্ঠশিল্পীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পত্নী শালিনী তলৱাৰে উত্থাপন কৰা সকলো অভিযোগক মিছা আখ্যা দিছে হানি সিঙে । ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এক বিবৃতিত হানি সিঙে উল্লেখ কৰিছে যে, পত্নী শালিনী তলৱাৰে মিছা আৰু বিদ্বেষপূৰ্ণ অভিযোগ উত্থাপন কৰা বাবে তেওঁ যথেষ্ট দুখিতঃ । এই অভিযোগবোৰক নিন্দনীয় আখ্যা দিয়ে কণ্ঠশিল্পীগৰাকীয়ে ।

তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ গীতক লৈ সমালোচনা হোৱা, তেওঁ স্বাস্থ্য সন্দৰ্ভত একাংশ লোকৰ অনুমান আৰু সংবাদ মাধ্যমৰ নেতিবাচক কভাৰেজৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ কেতিয়াও সংবাদ বিবৃতি প্ৰকাশ কৰা নাই । অৱশ্যে, এইবাৰ তেওঁ নীৰৱ হৈ ৰোৱাৰ কোনো যুক্তি দেখা নাই, কিয়নো এইবাৰ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । হানি সিঙৰ বৃদ্ধ পিতৃ-মাতৃ আৰু কনিষ্ঠা ভগ্নীৰ বিৰুদ্ধেও শালিনী তলৱাৰে ৰুজু কৰিছে গোচৰ । হানি সিঙে কয় যে, যি সকল লোকে অতি কঠিন সময়ত তেওঁ কাষত থিয় হৈ তেওঁক সাহস দিছে আৰু তেওঁলোকক লৈয়ে তেওঁ নিজৰ পৃথিৱীখনৰ অস্তিত্ব বিচাৰি পাইছে, তেনে লোকৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ নিন্দনীয় আৰু এয়া মাথোঁ অপবাদ ।

সিঙে বিবৃতিটোত উল্লেখ কৰে যে, তেওঁ ১৫ বছৰৰো অধিক সময় ধৰি উদ্যোগটোৰ সৈতে জড়িত হৈ আছে আৰু সমগ্ৰ দেশৰ শিল্পী আৰু সংগীতজ্ঞসকলৰ সৈতে কাম কৰিছে । তেওঁ কয় যে, এক দশকৰো অধিক সময় ধৰি তেওঁ লগত কাম কৰি থকা সকলোৱে পত্নীৰ সৈতে তেওঁৰ সম্পৰ্ক কেনেকুৱা সেই বিষয়ে জানে । কাৰণ তেওঁলোক সদায় দৃশ্যগ্ৰহণ, বিভিন্ন অনুষ্ঠান আদিত তেওঁৰ সৈতে গৈছিল ।

তেওঁ পত্নীৰ সকলো অভিযোগ অস্বীকাৰ কৰে আৰু কয় যে, যিহেতু বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে, সেয়ে তেওঁ বিশেষ মন্তব্য নকৰে । তেওঁ কয় যে, দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তেওঁ নিশ্চিত যে সত্য সোনকালেই প্ৰকাশ পাব । লগতে দুয়োপক্ষৰ মন্তব্য শুনি আদালতে ৰায় প্ৰদান নকৰালৈকে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে কোনো সিদ্ধান্ত নল'বলৈ হানি সিঙে অনুৰাগীক আহ্বান জনায় । লগতে অনুৰাগী আৰু শুভাকাংক্ষীসকলে দিয়া মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে, অনুৰাগীৰ সমৰ্থনে তেওঁক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু ভাল সংগীত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰে ।

লগতে পঢ়ক: WOW! ইণ্ডিৰা গান্ধীৰ ৰূপত লাৰা দত্ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.