চিটাৰা ডেস্ক,13 ডিচেম্বৰ : ছবি নিৰ্মাতা লভ ৰঞ্জনৰ আহিবলগীয়া ছবিত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ যুটিক ৷ ছবিখনৰ শ্বুটিঙৰ বাবে গাজিয়াবাদলৈ যাবলৈ সাজু হৈছে ছবিখনৰ সকলো অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকল ৷
সম্প্ৰতি নামবিহীন এই ছবিখনৰ শ্বুটিঙৰ কাম আগন্তুক বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ লভ ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ প্ৰযোজনাত আছে লভ ৰঞ্জনৰ লগতে অংকুৰ গাৰ্গ ৷ ছবিখন 2021 বৰ্ষৰ 16 মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰাৰ কথা আছিল যদিও ক’ভিড-19ৰ সংক্ৰমণৰ বাবে মুক্তিলাভৰ তাৰিখ পিছুৱাই দিয়া হয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সূত্ৰই জনোৱা মতে, ছবিখনৰ সৰহ সংখ্যক দৃশ্যাংশৰ শ্বুটিং লভ ৰঞ্জনৰ বাসগৃহৰ সমীপতে সম্পন্ন কৰা হ’ব ৷ ইয়াৰোপৰি কিছু দৃশ্যাংশৰ শ্বুটিৰ বাবে দিল্লীলৈও যাব দলটো ৷ অৱশ্যে দলটোৱে শ্বুটিঙৰ বাবে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদিও ক’ভিড-19ৰ বাবে বৰ্তমানো সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব নাই ৷
ৰণবীৰ আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও ছবিখনত অভিনেত্ৰী ডিম্পল কাপাড়িয়া এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ৷
লগতে পঢ়ক : বলীউডৰ অভিনেত্ৰী আৰ্যা বেনাৰ্জীৰ মৃত্যু