ETV Bharat / sitara

Mr and Mrs Mahi : পুনৰ একেখন স্ক্ৰীনতে দেখা যাব ৰাজকুমাৰ-জাহ্নৱীক - গুঞ্জন চাক্সেনাৰ পৰিচালক শৰণ শৰ্মা

ভৌতিক-হাস্যধৰ্মী ছবি "Roohi" ৰ পাচত পুনৰ একেখন ছবিতে কাম কৰিবলৈ সাজু হৈছে বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও(Rajkummar Rao) আৰু অভিনেত্ৰী জাহ্নৱী কাপুৰ(Janhvi Kapoor) । ধৰ্মা প্ৰডাকচন(Dharma Productions)ৰ পৰৱৰ্তী ছবি "মিষ্টাৰ এণ্ড মিচেছ মাহী"(Mr and Mrs Mahi)ত অভিনয় কৰিব ৰাজকুমাৰ আৰু জাহ্নৱীয়ে ।

Rajkummar Rao reunites with Jahnvi Kapoor for Mr and Mrs Mahi
পুনৰ স্ক্ৰীণ শ্বেয়াৰ কৰিব ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে
author img

By

Published : Nov 23, 2021, 2:40 PM IST

চিটাৰা ডেস্ক, ২৩ নৱেম্বৰ : ধৰ্মা প্ৰডাকচনৰ নতুন ছবি "মিষ্টাৰ এণ্ড মিচেছ মাহী"(Mr and Mrs Mahi)ত অভিনয় কৰিব বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও(Rajkummar Rao) আৰু অভিনেত্ৰী জাহ্নৱী কাপুৰে(Janhvi Kapoor) । সোমবাৰে ধৰ্মা প্ৰডাকচনে(Dharma Productions) তেওঁলোকৰ অফিচিয়েল ছ'চিয়েল মিডিয়া পেজত এই কথা প্ৰকাশ কৰে ।

২০২২ চনৰ ৭ অক্টোবৰত ছবিখন মুক্তি দিয়া হ'ব বুলিও উল্লেখ কৰা হৈছে পোষ্টটোত । ছবিখনত ৰাজকুমাৰ ৰাৱে মহেন্দ্ৰ আৰু জাহ্নৱী কাপুৰে মহিমাৰ চৰিত্ৰত অভিনয় কৰিব ।

টেগলাইনত লিখা হৈছে যে, কোনো সপোন অকলে বাস্তৱায়িত কৰিব নোৱাৰি । "মিষ্টাৰ এণ্ড মিচেছ মাহী" ছবিখন পৰিচালনা কৰিব শৰণ শৰ্মা(Sharan Sharma)ই । ২০২০ চনত জাহ্নৱী অভিনীত "গুঞ্জন চাক্সেনা : দ্য কাৰ্গিল গাৰ্ল"(Gunjan Saxena: The Kargil Girl) শীৰ্ষক ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল শৰণ শৰ্মাই । "গুঞ্জন চাক্সেনা : দ্য কাৰ্গিল গাৰ্ল" শীৰ্ষক ছবিখনৰ সহ লেখক নিখিল মেহৰোত্ৰাৰ সৈতে শৰণ শৰ্মাই এই প্ৰকল্পটোত সহযোগিতা কৰিছে ।

হিৰ’ যশ জোহৰ, কৰণ জোহৰ আৰু অপূৰ্ব মেহতাই ধৰ্মা প্ৰডাকচনৰ হৈ ছবিখন প্ৰযোজনা কৰিব । "মিষ্টাৰ এণ্ড মিচেছ মাহী" হৈছে ৰাজকুমাৰ আৰু জাহ্নৱী অভিনীত দ্বিতীয়খন ছবি ।

লগতে পঢ়ক: Happy Birthday Kartik Aaryan : কাৰ্তিক অভিনীত 5 টা জনপ্ৰিয় চৰিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.