ETV Bharat / sitara

Raj Kundra Pornography Case : অৱশেষত নীৰৱতা ভংগ কৰিছে শিল্পা শেট্টীয়ে

পৰ্ণ’গ্ৰাফিক (Pornographic) ছবি নিৰ্মাণৰ গোচৰত ৰাজ কুন্দ্ৰা (Raj Kundra)ক আটক কৰাৰ সন্দৰ্ভত মুখ খুলিছে পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টীয়ে (Shilpa Shetty)য়ে ৷ ইনষ্টাগ্ৰামযোগে এক প’ষ্ট শ্বেয়াৰ কৰি শিল্পাই কয় যে, মুম্বাই আৰক্ষী (Mumbai Police) আৰু ভাৰতীয় ন্যায়পালিকা (Indian judiciary)ৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে ।

shilpa shetty on raj kundra case
শিল্পা শেট্টীৰ মন্তব্য
author img

By

Published : Aug 2, 2021, 3:39 PM IST

চিটাৰা ডেস্ক, 2 আগষ্ট : সোমবাৰে পৰ্ণ চলচ্চিত্ৰ (Porn Film) নিৰ্মাণৰ গোচৰত স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক আটক কৰা সন্দৰ্ভত নীৰৱতা ভংগ কৰি এক বিবৃতি জাৰি কৰে শিল্পা ছেট্টী(Shilpa Shetty) য়ে ৷ বিবৃতিযোগে সকলোকে তেওঁলোকৰ পৰিয়াল বিশেষকৈ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনায় শিল্পাই ৷ ইনষ্টাগ্ৰামযোগে এক প’ষ্ট শ্বেয়াৰ কৰি মুম্বাই আৰক্ষী (Mumbai Police) আৰু ভাৰতীয় ন্যায়পালিকা (Indian judiciary)ৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

লগতে শিল্পাই কয় যে, তেওঁ আইন পালনকাৰী ভাৰতীয় নাগৰিক হিচাপে গৌৰৱান্বিত ৷ বিগত 29 বছৰ ধৰি তেওঁ পৰিশ্ৰমেৰে নিজৰ কাম কৰি আছে ৷ শিল্পা আৰু তেওঁৰ পৰিয়ালটো মিডিয়া ট্ৰায়েল (Media Trial)ৰ যোগ্য নহয় বুলি মতপ্ৰকাশ কৰে ৷ বিগত কেইদিনমানৰ পৰা শিল্পাৰ পৰিয়ালে প্ৰতিটো ক্ষণতে প্ৰত্যাহ্বানৰ সৈতে যুঁজ দি আছে আৰু বহু উৰাবাতৰি-অভিযোগৰ সন্মুখীন হৈছে ৷

সংবাদ মাধ্যম আৰু শুভাকাংক্ষীসকলে বহু অবাঞ্ছিত অপমান কৰিছে শিল্পা আৰু পৰিয়ালক ।

ইতিমধ্যে তেওঁৰ পৰিয়ালে বহু ট্ৰ’ল আৰু প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে । গতিকে শিল্পাৰ ক্ষেত্ৰত হৈ ভুৱা উদ্ধৃতি ৰখাতো বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে শিল্পাই ৷ ৰাজৰ ওপৰত চলি থকা তদন্তৰ ক্ষেত্ৰত তেওঁৰ মুম্বাই আৰক্ষী আৰু ভাৰতীয় ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাই Bigg Boss ৰ প্ৰতিযোগীসকলক লক্ষ্য কৰি লৈছিল : সাগৰিকা সুমনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.