ETV Bharat / sitara

Raj Kundra case: ৰাজৰ সহযোগী সৌৰভ কুশ্বৱাহালৈ চমন জাৰি অপৰাধ শাখাৰ

ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ পৰ্ণ’গ্ৰাফী (Pornography)ৰ গোচৰ কাণ্ডই সমগ্ৰ দেশৰ লগতে বিশেষকৈ বলীউড (Bollywood)ত এক আলোড়নৰ সৃষ্টি কৰিছে । অপৰাধ শাখাই কুন্দ্ৰাৰ সহযোগী তথা Arm Prime Mediaৰ সঞ্চালক সৌৰভ কুশ্বৱাহা (Saurabh Kushwaha)ক বৃহস্পতিবাৰে সোধ-পোচৰ বাবে জেৰা কৰিব বুলি জানিব পৰা গৈছে ৷

Crime Branch summons Saurabh Kushwaha
ৰাজ কুন্দ্ৰাৰ সহযোগী সৌৰভ কুশ্বৱাহালৈ চমন জাৰি
author img

By

Published : Aug 5, 2021, 7:44 AM IST

চিটাৰা ডেস্ক,5 আগষ্ট : ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ পৰ্ণ’গ্ৰাফী (Pornography)ৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে কুন্দ্ৰাৰ ঘনিষ্ঠ তথা সহযোগীসকলক সোচ-পোচৰ বাবে জেৰা আৰম্ভ কৰিছে মুম্বাই অপৰাধ শাখা (Crime Branch)ই ৷ বৃহস্পতিবাৰে কুন্দ্ৰাৰ সহযোগী তথা Arm Prime Mediaৰ সঞ্চালক সৌৰভ কুশ্বৱাহা (Saurabh Kushwaha)ক সোধ-পোচৰ বাবে জেৰা কৰিব অপৰাধ শাখাই ৷

মুম্বাই আৰক্ষী (Mumbai Police)ৰ অপৰাধ শাখাৰ Property Cellয়ে কুন্দ্ৰা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানলৈকে ৰাজ কুন্দ্ৰাৰ পৰ্ণ’গ্ৰাফী গোচৰৰ কেইবাটাও গোপন তথ্য উদঘাটন কৰিছে প্ৰ’পাৰ্টী চেলে ।

লগতে পঢ়ক : পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

কুশ্বৱাহাই কুন্দ্ৰাৰ পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণত জড়িত আছেনে নাই, সেই সন্দৰ্ভত অনুসন্ধান চলাব অপৰাধ শাখাই ৷ কুন্দ্ৰাৰ কোম্পানীৰ সৈতে কাম কৰা অভিনেত্ৰী গেহনা বশিষ্ঠ (Gehana Vasisth)ৰ লগতে আন তিনিগৰাকী প্ৰযোজকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মুম্বাই আৰক্ষীয়ে ৷

ইফালে পৰ্ণ চলচ্চিত্ৰ (Porn Film) নিৰ্মাণৰ গোচৰত স্বামী ৰাজ কুন্দ্ৰাক আটক কৰা সন্দৰ্ভত নীৰৱতা ভংগ কৰে পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)য়ে ৷ তেওঁলোকৰ পৰিয়ালৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনায় শিল্পাই ৷ লগতে মুম্বাই আৰক্ষী (Mumbai Police) আৰু ভাৰতীয় ন্যায়পালিকা (Indian judiciary)ৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলিও উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Raj Kundra Pornography Case : অৱশেষত নীৰৱতা ভংগ কৰিছে শিল্পা শেট্টীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.