ETV Bharat / sitara

ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰে বহু হাইপ্ৰ'ফাইল লোকলৈ মাতিছে বিপদ - কেনৰিন লিমিটেড

বলীউড আৰু আৰক্ষীৰ একাংশ সূত্ৰই দাবী কৰা মতে কুন্দ্ৰাৰ এই বিষয়টোৰ ওপৰত চলি থকা তদন্তই হয়টো এক বৃহৎ সফলতা লাভ কৰিব পাৰে । মনোৰঞ্জন চক্ৰটোত দক্ষিণ মুম্বাই আৰু পশ্চিম উপনগৰৰ কিছুমান হাই প্ৰফাইল মডেল আৰু বহু লোক জড়িত থকাৰো সন্দেহ কৰা হৈছে । আনকি বহুতো ডাঙৰ চেলিব্ৰেটী, মডেল-অভিনেতা-অভিনেত্ৰীও ইয়াত জড়িত থকাৰ উৰাবাতৰি প্ৰকাশ পাইছে ।

many big names involved
ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ লগে লগে বহু হাইপ্ৰ'ফাইল লোকৰ বাবে আহিছে বিপদ
author img

By

Published : Jul 21, 2021, 2:15 PM IST

চিটাৰা ডেস্ক,২১ জুলাই : ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ তদন্তত প'ৰ্ণ ৰেকেট ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । মঙলবাৰে মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে এক আন্তৰ্জাতিক প'ৰ্ণ ফিল্ম ৰেকেটৰ কথিত মাষ্টাৰমাইণ্ড হৈছে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ শালপতি প্ৰদীপ বক্সী । ভাৰত আৰু আমেৰিকাত থকা তেওঁলোকৰ কণ্টেন্ট প্ৰডাকচন কোম্পানীক (content production company) ব্যৱহাৰ কৰা হৈছিল এই কাৰ্যত । ইফালে কুন্দ্ৰাক গ্ৰেপ্তাৰৰ লগে লগে এই প'ৰ্ণ উদ্যোগত জড়িত আৰু বহুত লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই যুটীয়াভাৱে চলাই আছিল ভিয়ান ইণ্ডাষ্ট্ৰিজ লিমিটেড(Viaan Industries Ltd), যাৰ অধ্যক্ষ হৈছে ৰাজ কুন্দ্ৰা ৷ আনহাতে প্ৰদীপ বক্সী এগৰাকী ব্ৰিটিছ নাগৰিক যিয়ে কুন্দ্ৰাৰ ভগ্নীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল । লণ্ডনত থকা কেনৰিন লিমিটেডৰ(Kenrin Ltd) অধ্যক্ষ হৈছে প্ৰদীপ বক্সী । ইতিমধ্যে দুয়োটা কোম্পানীৰ বিৰুদ্ধে আৰক্ষীয়ে মুখ খুলিছে ।

মুম্বাইৰ যুটীয়া আৰক্ষী আয়ুক্ত (অপৰাধ) মিলিন্দ ভাৰম্বে উল্লেখ কৰা মতে কেনৰিন লিমিটেডে প্ৰস্তুত কৰা 'হটশ্বটছ ডিজিটেল এণ্টাৰটেইনমেণ্ট' নামৰ এটা মোবাইল এপ দুয়োটা কোম্পানীয়ে ব্যৱহাৰ কৰে । হটশ্বটছ এপটোক "বিশ্বৰ প্ৰথম ১৮+ এপ" হিচাপে বৰ্ণনা কৰা হৈছে য'ত বিশ্বব্যাপী কিছুমান মোহময়ী মডেল আৰু চেলিব্ৰেটীৰ একচেটিয়া ফটো, চুটি চলচ্চিত্ৰ আৰু কেতবোৰ অশালীন ভিডিঅ' প্ৰদৰ্শন কৰা হয় । যিবোৰ আচলতে ছফ্ট প'ৰ্ণৰ পৰা হাৰ্ড প'ৰ্ণ হিচাপে বিবেচনা কৰিব পাৰি ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, একাংশ নতুন বা অখ্যাত শিল্পীক বিশেষকলৈ মহিলাসকলক ৱেব ছিৰিজত অভিনয়ৰ সুযোগ দিয়াৰ বাবে প্ৰলোভন দিয়া হয় । তেওঁলোকক কিছুমান ব'ল্ড দৃশ্যৰ বাবে জোৰ দিয়া হয় যিবোৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ ইচ্ছা বিৰুদ্ধে অৰ্ধ নগ্ন আৰু নগ্ন ছবিলৈ ৰূপান্তৰিত হয় । বলীউড আৰু আৰক্ষীৰ একাংশ সূত্ৰই দাবী কৰা মতে কুন্দ্ৰাৰ এই বিষয়টোৰ ওপৰত চলি থকা তদন্তই হয়টো এক বৃহৎ সফলতা লাভ কৰিব পাৰে ।

মনোৰঞ্জন চক্ৰটোত দক্ষিণ মুম্বাই আৰু পশ্চিম উপনগৰৰ কিছুমান হাই প্ৰফাইল মডেল আৰু বহু লোক জড়িত থকাৰো সন্দেহ কৰা হৈছে । আনকি বহুতো ডাঙৰ চেলিব্ৰেটী, মডেল-অভিনেতা-অভিনেত্ৰীও ইয়াত জড়িত থকাৰ উৰাবাতৰি প্ৰকাশ পাইছে । এগৰাকী প্ৰযোজকে উল্লেখ কৰা মতে ভাৰত আৰু বিদেশৰ গোপন স্থানত যৌন-আকৰ্ষণীয় পাৰ্টিৰ আয়োজন কৰা হয় য'ত এই কাৰ্যবোৰ চিত্ৰগ্ৰহণ কৰা হয় আৰু পিছত 'হট কণ্টেণ্ট' হিচাপে পেকেট কৰা হয় আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন মিডিয়া প্লেটফৰ্মত লাখ লাখ টকাত বিক্ৰী কৰা হয় ।

লগতে পঢ়ক :ভাইৰেল হোৱা ৰাজ কুন্দ্ৰাৰ ৯ বছৰ পুৰণি টুইটত কি আছে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.