ETV Bharat / sitara

পৰ্ণ ৰেকেট নিৰ্মাণত স্বামীৰ সৈতে জড়িত নেকি শিল্পা চেট্টী !

author img

By

Published : Jul 21, 2021, 9:52 PM IST

ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীয়ে চলাই থকা ভিয়ান নামৰ এটা কোম্পানী আৰু লণ্ডনৰ তেওঁৰ খুলশালীৰ নামত থকা এটা কোম্পানীৰ মাজত ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হৈছিল । যিটো কোম্পানীয়ে হটশ্বটছ এপৰ জৰিয়তে পৰ্ণ ফটো আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কৰি আহিছিল ।

pornographic content
প'ৰ্ণ ছবি নিৰ্মাণ ৰেকেটত স্বামীৰ সৈতে শিল্পা চেট্টীও জড়িত আছিল নেকি

চিটাৰা ডেস্ক, ২১ জুলাই : পৰ্ণ ছবি নিৰ্মাণ আৰু ম’বাইল এপ্লিকেচনৰ জৰিয়তে সেইবোৰ প্ৰকাশ কৰাৰ এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰা । আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু শিল্পা চেট্টীয়ে চলাই থকা ভিয়ান নামৰ এটা কোম্পানী আৰু লণ্ডনৰ তেওঁৰ খুলশালীৰ নামত থকা এটা কোম্পানীৰ মাজত চুক্তি হৈছিল । যিটো কোম্পানীয়ে হটশ্বটছ এপৰ জৰিয়তে পৰ্ণ ফটো আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কৰি আহিছিল ।

বহুতৰে সন্দেহ অভিনেত্ৰী শিল্পা চেট্টীও এই ঘটনাত জড়িত আছে নেকি ! ইতিমধ্যে বিভিন্ন মহলত ইয়াক লৈ চৰ্চা চলি থকাৰ মাজতে যুটীয়া আৰক্ষী আয়ুক্ত (অপৰাধ) মিলিন্দ ভাৰম্বে সংবাদমেলযোগে প্ৰকাশ কৰে যে এতিয়ালৈকে শিল্পা চেট্টীৰ বিৰুদ্ধে কোনো তথ্য বিচাৰি পোৱা নাই আৰক্ষীয়ে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, ফেব্ৰুৱাৰী মাহত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই অশ্লীল চলচ্চিত্ৰ সম্পৰ্কীয় গোচৰ ৰুজু কৰিছিল । অভিযোগ অনুসৰি নতুন অভিনেতা-অভিনেত্ৰীসকলক ৱেব ছিৰিজ আৰু চুটি ছবিত অভিনয় কৰিবলৈ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু তেওঁলোকক অডিচনত ব'ল্ড আৰু নগ্ন চৰিত্ৰত অভিনয় কৰিবলৈ কোৱা হৈছিল ।

অভিনেত্ৰীসকলে ইয়াৰ বিৰোধিতা কৰি অপৰাধ শাখাৰ কাষ চাপিছিল ৷ যাৰ ওপৰত ভিত্তি কৰি এই গোচৰ ৰুজু কৰা হৈছিল । এই বিষয়ত এতিয়ালৈ কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ ভাৰতৰ বিভিন্ন দিশ চোৱাচিতা কৰি থকা উমেশ কামাত নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছতে অধিক অনুসন্ধান চলাই অৱশেষত ৰাজ কুন্দ্ৰাকো ঘটনাটোত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় । এই ঘটনাৰ ভুক্তভোগীসকলক অপৰাধ শাখাৰ কাষ চাপিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে ৷ যাতে ঘটনা সন্দৰ্ভত অধিক প্ৰমাণ লাভ কৰিব পাৰে আৰক্ষীয়ে ।

যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰী কৰা অনুসৰি, সকলো পৰ্ণ'গ্ৰাফিক তথ্য "হটশ্বটছ"(HotShots) নামৰ ম'বাইল এপ্লিকেশ্বনটোত আপলোড কৰা হৈছিল । অনুসন্ধানৰ সময়ত ৰাজ কুন্দ্ৰাৰ মালিকানাধীন ভিয়ান কোম্পানীয়ে লণ্ডনস্থিত কেনৰিন নামৰ এটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যি হৈছে ম'বাইল এপ্লিকেচন হটশ্বটছৰ গৰাকী । আনহাতে মুম্বাইত তৈয়াৰ কৰা সকলো নগ্ন ছবি হটশ্বটছত প্ৰকাশিত হৈছিল, যিটো মুম্বাইৰ পৰা পৰিচালনা কৰা হৈছিল ।

আৰক্ষী বিষয়াজনে জনোৱা মতে, অভিযোগৰ অন্তত এই এপটো গুগল প্লে ষ্ট'ৰ আৰু আইফোনৰ দ্বাৰা ডিলিট কৰা হৈছে । আৰক্ষী বিষয়াগৰাকীৰ মতে আদালতৰ অনুমতি অনুসৰি আৰক্ষীয়ে ৰাজ কুন্দ্ৰাৰ কাৰ্যালয়ত তালাচী চলাই কেইটামান ক্লিপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সেয়েহে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ IT মুৰব্বীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

উল্লেখ্য যে, কুন্দ্ৰা প্ৰায় ৯ টা কোম্পানীৰ পৰিচালকৰ দায়িত্বত আছে । শিল্পা যোগ প্ৰাইভেট লিমিটেডৰ তেওঁ পৰিচালক । আনহাতে বাকী কোম্পানীবোৰ হৈছে চিনেমাচন মিডিয়া ৱৰ্কচ, বাস্তিয়ান হাস্পতালিটি, কুন্দ্ৰা কনষ্ট্ৰাকচনচ (Kundra Construction), জে এল ষ্ট্ৰীম, একুৱা এনাৰ্জি বেভাৰেজ, ভিয়ান ইণ্ডাষ্ট্ৰিজ, হোল এণ্ড দেম সাম প্ৰাইভেট লিমিটেড আৰু ক্লিয়াৰকম প্ৰাইভেট মিডিয়া ।

লগতে পঢ়ক : ভাইৰেল হোৱা ৰাজ কুন্দ্ৰাৰ ৯ বছৰ পুৰণি টুইটত কি আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.