চিটাৰা ডেস্ক , 5 নৱেম্বৰ : বৃহস্পতিবাৰে দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী । কেৱল সাধাৰণ লোকেই নহয় এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বলীউডৰ তাৰকাসকলো ।
বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত স্বামী নিক জোনাছৰ লগত দীপাৱলী উদযাপন কৰে ৷ বিদেশত থাকিও যে নিজৰ দেশৰ সংস্কৃতি পাহৰি যোৱা নাই তাকেই উমান দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ যাৰ বাবে প্ৰিয়ংকাক বিশ্বজুৰি ভূয়সী প্ৰশংসা কৰে তেওঁৰ অনুৰাগীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ভাৰতৰ পৰা আঁতৰত থকা স্বত্বেও প্ৰিয়ংকাই কেতিয়াও ভাৰতীয় পৰম্পৰাক পাহৰি যোৱা নাই তাকেই প্ৰমাণ কৰে অভিনেত্ৰী গৰাকীৰ শেহতীয়া 'ইনষ্টাগ্ৰাম'ত শ্বেয়াৰ কৰা ফটো কেইখনে ৷ ফটো কেইখনত প্ৰিয়ংকাই নিক জোনাছৰ সৈতে লক্ষ্মী পূজা কৰি থকা দেখা গৈছিল ।
শ্বেয়াৰ কৰা ফটো কেইখনত 'শুভ দীপাৱলী' বুলি শিৰোনাম দি দেশবাসীক পোহৰৰ উৎসৱৰ শুভকামনা জনায় প্ৰিয়ংকাই ৷ ফটো কেইখনত অনুৰাগীয়ে প্ৰিয়ংকাক দিপাৱলীৰ সাজযোৰত যথেষ্ট ধুনীয়া দেখা গৈছে বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে , অভিনেত্ৰী প্ৰিয়ংকাই বৰ্তমান 'ৰুচো ব্ৰাদাৰ্ছ'ৰ অনুষ্ঠান চিটাডেলত কাম কৰি আছে ।
লগতে পঢ়ক : ৰাজ কুন্দ্ৰাই ত্যাগ কৰিলে টুইটাৰ-ইনষ্টাগ্ৰাম