নিউজ ডেস্ক, 19 মে': বিশ্বৰ অন্যতম বৃহৎ ফিল্ম ফেষ্টিভেল Cannes 2019 ত ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বৰ ভিন্ন দেশৰ অভিনেতা অভিনেত্ৰী সকলক ৷ French Riviera ত অনুষ্ঠিত Cannes 2019 ত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ'নাছ আৰু স্বামী নিক জ'নাচৰ ৰূপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল উপস্থিত সকলোৰে ৷ শনিবাৰে Cannes 2019 ৰ ৰে'ড কাৰ্পেটত Georges Hobeika ৰ ডিজাইনৰ বিশেষ বগা সাজত অতি সুন্দৰ ৰূপত দেখা যায় দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীক ৷ দুয়োগৰাকীয়ে ফ্ৰেন্স ড্ৰামা Les Plus Belles Annees D'Une Vie ৰ স্ক্ৰীণিঙতো অংশ গ্ৰহণ কৰে ৷
প্ৰিয়ংকা-নিকৰ লগতে দীপিকা পাডুকন, কংগণা ৰাণাৱতো অতি ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল Cannes 2019 ৰ ৰে'ড কাৰ্পেটত ৷