ETV Bharat / sitara

পিতৃৰ 70 তম জন্মদিনত আৱেগিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা

author img

By

Published : Aug 23, 2020, 3:03 PM IST

দেওবাৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ পিতৃৰ এটা ক্লিপ টুইটাৰযোগে শ্বেয়াৰ কৰি, পিতৃৰ 70 তম জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

পিতৃৰ 70 তম জন্মদিনত আৱেগিক হৈ পৰে প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক, 23 আগষ্ট: পুৰস্কাৰ গ্ৰহণৰ সময়ত দিয়া ভাষণৰ এটা ক্লিপ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জনাইছে দেওবাৰে, তেওঁৰ পিতৃ অশোক চোপ্ৰাক 70 তম জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

অভিনেত্ৰী গৰাকীয়ে টুইটাৰত এক বঁটা প্ৰদান অনুষ্ঠানত কৰা তেওঁৰ পিতৃৰ এটা ভিডিঅ' প'ষ্ট কৰে ৷ য'ত তেওঁ এক অনুপ্ৰাণিত ভাষণ প্ৰদান কৰিছিল ৷ সেই ভিডিঅ'টোৰ আৰম্ভণি পিতা-পুত্ৰৰ সম্বন্ধৰ এক মনোমোহা চিত্ৰৰে আৰম্ভ হয় ৷ য'ত অভিনেত্ৰী গৰাকীৰ পিতৃয়ে কয়, "মই প্ৰিয়ংকাৰ তৰফৰ পৰা এই পুৰস্কাৰ গ্ৰহণ কৰিছে ৷ মোৰ অকণমানি তুমিও ইয়াতে থকাটো মোৰ কাম্য আছিল ৷ লাগিলে সেইয়া এঘণ্টা পলমেই নহওক কিয় ৷"

তেওঁ সেই পুৰস্কাৰ হাতত লৈ কয় যে, "মই এই পুৰস্কাৰ সেই শিল্পী সকলক সমৰ্পন কৰিব বিচাৰো, যিসকল সৰু চহৰৰ পৰা আহিছে ৷ তেওঁলোকে ইশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোকৰ নিজৰ ওপৰতো আছে বিশ্বাস ৷ লগতে তেওঁলোকে নিজৰ প্ৰতিভা নিৰ্ধাৰণ কৰি তাৰ চাপ ৰাখি থৈ যায় ৷"

"ভগৱানে তোমাক আশীৰ্বাদ কৰক ৷ প্ৰিয়ংকাৰ লগতে সকলোকে ধন্যবাদ" বুলিও তেওঁ নিজৰ ভাষণযোগে উল্লেখ কৰে ৷

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই 7 বছৰ পূৰ্বে তেওঁৰ পিতৃক হেৰুৱাইছিল ৷ 7 বছৰ ধৰি তেওঁৰ পিতৃয়ে কেন্সাৰৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুক সাৱটি লৈছিল ৷ অভিনেত্ৰী গৰাকীয়ে তেওঁৰ হাতত পিতৃৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে "ডেডীচ লিটল গাৰ্ল" লিখি তেওঁৰ পিতৃৰ, হাতৰ আখৰ সম্বলিত এক টেটু অংকন কৰে ৷

লগতে পঢ়ক: বিদ্যা বালানৰ বাবে আমনিদায়ক ভাৰতীয় চলচিত্ৰত উপস্থাপিত মাতৃৰ চৰিত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.