ETV Bharat / sitara

টুইট যোগে অসমৰ বাবে বান সাহাৰ্য বিচাৰিলে প্ৰিয়ংকা চোপ্ৰাই

অসমৰ বানত ক্ষতিগ্ৰস্তসকললৈ সাহাৰ্য প্ৰদানৰ আহ্বান অভিনেত্ৰী তথা অসম পৰ্যটনৰ পূৰ্বৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ ৷ টুইটাৰযোগে দুটা বিশেষ বান পুঁজি সংস্থা ‘Action Aid’ আৰু ‘Rapid Response’ৰ নাম উল্লেখ কৰি দুয়োটা সংস্থাৰে সাহাৰ্য প্ৰদানৰ লিংক শ্বেয়াৰ কৰি সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনাইছে অভিনেত্ৰীগৰাকীয়ে ৷

priyanaka chopra tweet on assam flood
অসমৰ বান সন্দৰ্ভত মুখ খুলিলে প্ৰিয়ংকা চোপ্ৰাই
author img

By

Published : Jul 27, 2020, 9:40 AM IST

চিটাৰা ডেস্ক, 27 জুলাই : অৱশেষত ৰাজ্যৰ শেহতীয়া প্ৰয়লংকাৰী বান পৰিস্থিতি সন্দৰ্ভত সাহাৰ্য বিচাৰি টুইট কৰিলে অভিনেত্ৰী তথা অসম পৰ্যটনৰ পূৰ্বৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাই ৷

অসমৰ বান পুঁজিৰ অ’ফিচিয়েল লিংক শ্বেয়াৰ কৰি টুইটাৰযোগে সকলোকে সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায় প্ৰিয়ংকাই ৷ #Assamfloods, #PrayForAssam আৰু #AssamNeedsHelp হেচ্টেগ লিখি বানে ক্ষতিগ্ৰস্ত কৰা অসমৰ সম্পদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ লগতে, প্ৰিয়ংকাই তেওঁৰ স্বামী নিকৰ সৈতে একেলগ হৈ বান সাহাৰ্য আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে ৷

টুইটযোগে প্ৰিয়ংকাই অসমৰ দুটা বিশেষ বান পুঁজি সংস্থা ‘Action Aid’ আৰু ‘Rapid Response’ৰ নাম উল্লেখ কৰি দুয়োটা সংস্থাৰে সাহাৰ্য প্ৰদানৰ লিংক শ্বেয়াৰ কৰি লিংকযোগে সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.