চিটাৰা ডেস্ক,১৪ জানুৱাৰী : বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টাৰ এটা টুইটকলৈ সৰ্বত্ৰ এতিয়া চৰ্চা অব্য়াহত আছে । বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক উদ্দেশ্য়ি সেই বিশেষ পোষ্টটো শ্বেয়াৰ কৰে । য'ত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে নতুন বছৰটোত বহু আকৰ্ষণীয় খবৰ আছে তেওঁৰ অনুৰাগীৰ বাবে । লগতে খবৰসমূহ কি হ'ব পাৰে অনুৰাগীক অনুমান লগাবলৈও আহ্বান জনাই অভিনেত্ৰী প্ৰীতি জিন্টাই ।
উল্লেখ্য যে, লছ এঞ্জেলেছৰ বাসিন্দা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত এখন ক্ৰিকেট বেট হাতত লৈ থকা দেখিবলৈ পোৱা গৈছে অভিনেত্ৰীক । তাৰ পিছতে অনুৰাগীৰ মাজত কৌতূহলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।
বিভিন্নজনে পোষ্টটোৰ ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । বহুতে অভিনেত্ৰীগৰাকী পুনৰ বলীউডত ভুমুকি মাৰিব বুলি ধাৰণা কৰিছে । একাংশই আকৌ তেওঁৰ আইপিএলৰ কিংছ-১১ পাঞ্জাৱ দলটোৰ বিশেষ ঘোষণা বুলি প্ৰতিক্ৰিয়া কৰিছে । কোনোৱে কৈছে অভিনেত্ৰীগৰাকীয়ে মহিলা আইপিএল দলৰ নতুন চিন্তা চৰ্চা কৰিছে ।
কেৱল এয়াই নহয় একাংশই উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিলৈ যাব । ফটোখনত অভিনেত্ৰীগৰাকীয়ে ক্ৰিকেট বেট লৈ থকা বাবে ইয়াৰ মাজতে এজন অনুৰাগীয়ে কৈছে ভাৰতৰ মহিলা ক্ৰিকেট দলক আধাৰ হিচাপে লৈ নতুনকৈ আহিবলগীয়া বোলছবিত মূল চৰিত্ৰত অভিনয় কৰিব প্ৰীতি জিন্টাই । এজনে আকৌ মন্তব্য় কৰিলে যে, হৃতিক ৰৌচনৰ সৈতে এখন নতুন ছবিৰ বাবে চুক্তি সম্পন্ন কৰিব অভিনেত্ৰীগৰাকীয়ে ।
মুঠতে প্ৰীতি জিন্টাৰ এটা পোষ্টৰ পিছতে টুইটাৰত বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত ।
লগতে পঢ়ক :'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ত অভিনয় কৰিব কংগনাই