ETV Bharat / sitara

Prabhas latest news: প্ৰভাসৰ জন্মৰ সময়ত কি ভৱিষ্যৎবাণী কৰিছিল হস্তৰেখাবিদে ?

author img

By

Published : Mar 11, 2022, 9:49 PM IST

ৰাধে শ্যামত এজন হস্তৰেখা বিদৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা প্ৰভাসে মুকলি কৰিছে তেওঁ জন্মৰ সময়ৰ কথা (Prabhas latest news) ৷ জন্মৰ সময়ত প্ৰভাসৰ হাত চাই হস্তৰেখা বিদ এজনে কৰিছিল এই ভৱিষ্যৎবাণী যাক প্ৰভাসে আজিও মনত সোঁৱৰে ( prabhas unknown facts) ৷

Prabhas
প্ৰভাসক লৈ কি ভৱিষ্যৎবাণী কৰিছিল হস্তৰেখাবিদে

চিটাৰা ডেস্ক, 11 মাৰ্চ : নতুনকৈ মুক্তি প্ৰাপ্ত ছবি ৰাধে শ্যামত প্ৰভাসে কৰিছে এজন হস্তৰেখা বিদৰ চৰিত্ৰ ৷ 11 মাৰ্চত মুক্তি পোৱা ছবিখনে ইতিমধ্যে বিপুল জনপ্ৰিয়তা লাভ কৰা দেখবলৈ পোৱা গৈছে ৷ ছবিখনৰ মুক্তিৰ পিছত এতিয়া অভিনেতাজনে মুকলি কৰিছে আচলতে তেওঁ জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে নে নাই ( prabhas unknown facts) ৷

নিজৰ বাল্যকালৰ কথা সুঁৱৰি প্ৰভাসে ক’লে যে তেওঁৰ জন্মৰ সময়ত ছবি জগতত তেওঁৰ কেৰিয়াৰ কেনেকুৱা হ’ব এই বিষয়ে মত দিছিল এজন হস্তৰেখাবিদে (Prabhas latest news) ৷ দৰ্শকে আদৰি লোৱা ৰাধে শ্যামৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত প্ৰভাসে কৈছে যে তেওঁৰ জন্মৰ সময়তে চলচ্চিত্ৰ জগতত তেওঁৰ যাত্ৰা সফল হ’ব বুলি মন্তব্য কৰিছিল এজন হস্তৰেখা বিদে ৷

ৰাধা কৃষ্ণ কুমাৰৰ কাহিনী চিত্ৰনাট্য আৰু নিৰ্দেশনাৰে মুক্তি পোৱা ৰাধে শ্যাম হ’ল এখন ৰোমাণ্টিক ছবি ৷ বিক্ৰমাদিত্য নামৰ এজন হস্তৰেখা বিদ আৰু তেওঁৰ প্ৰেমিকা প্ৰেৰণাৰ মাজত প্ৰেম-প্ৰতিঘাতৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন ৷

ছবিখনৰ দিল্লী প্ৰমোচনৰ সময়ত প্ৰভাসক অনুৰাগীয়ে সুধিছিল তেওঁ জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰেনে ? প্ৰত্যুত্তৰত অভিনেতাজনে কৈছিল যে তেওঁ কেতিয়াও এই দিশ অনুসৰণ কৰা নাই ৷ ইয়াৰ সৈতে জড়িত বিভিন্ন কাহিনী তেওঁ শুনিছে বুলি উল্লেখ কৰি লগতে কয় তেওঁৰ জন্মৰ সময়ত জ্যোতিষীয়ে চিনেমাৰ ক্ষেত্ৰখনত তেওঁ আগবাঢ়ি যাব বুলি কৈছিল ৷

2017 চনত টাইম্ছৰ মষ্ট ডিজায়াৰএৱল মেন শাখাত দ্বিতীয় স্থানত আৰু 2018 চনত দ্বাদশ স্থানত থকা অভিনেতা প্ৰভাসে কয় ভাৰতবৰ্ষ খন জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট উচ্চস্থানত আছে যদিও তেওঁ কেতিয়াও সেইয়া অনুসৰণ কৰা নাই ৷

বলীউডৰ শীৰ্ষ কেইবাগৰাকী অভিনেত্ৰীৰ সৈতে প্ৰভাসৰ হাতত কেইবাখনো নতুন বিগ বাজেটৰ ছবি আছে ৷

লগতে পঢ়ক: শ্বাহৰুখ খানৰ নতুন ৰূপ দেখি পাঠানৰ বাবে উৎসাহ বাঢ়িছে অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.