ETV Bharat / sitara

Prabhas Kriti Sanon Movie : প্ৰভাসে ঘোষণা কৰিলে আদিপুৰুষৰ মুক্তিৰ দিন

author img

By

Published : Mar 1, 2022, 12:43 PM IST

দীপিকাৰ পিছত কৃতি সেননৰ সৈতে প্ৰভাসে অভিনয় কৰিছে আদিপুৰুষ (Prabhas movie with Kriti Sanon) ত ৷ ওম ৰাৱটে নিৰ্দেশনা কৰা ছবিখনে 2023 বৰ্ষৰ আৰম্ভণিতে লাভ কৰিব মুক্তি ৷

Adipurush release date
কৃতি সেননৰ সৈতে প্ৰভাসে কৰিছে আদিপুৰুষ

চিটাৰা ডেস্ক, 1 মাৰ্চ : আদিপুৰুষ শীৰ্ষক এখন ছবিৰে মোহময়ী অভিনেত্ৰী কৃতি সেননৰ সৈতে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসক (Prabhas Kriti Sanon together film) ৷ মঙলবাৰে মহা শিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত অভিনেতাগৰাকীয়ে ঘোষণা কৰিলে কৰি তেওঁৰ আহিবলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ ৷

দীপিকা পাডুকন আৰু অমিতাভ বচ্চনৰ সৈতে প্ৰভাস বৰ্তমান শ্বুটিঙত ব্যস্ত হৈ আছে তেওঁৰ আন এখন চিনেমা ‘প্ৰজেক্ট কে’ ক লৈ ৷ মঙলবাৰে অভিনেতাজনে ইন্ষ্টাগ্ৰামত এখন পোষ্টাৰ আপলোড কৰি জনালে আদিপুৰুষৰ মুক্তিৰ তাৰিখ ৷ ছবিখনে 2023 বৰ্ষৰ 12 জানুৱাৰীত মুক্তি লাভ কৰিব ৷

ছবিখনত কৃতি সেননৰ উপৰিও চৈইফ আলী খান, ছানী সিঙেও অভিনয় কৰিছে (Prabhas movie with Kriti Sanon) ৷ ছবিখন পৌৰাণিক ভাৰতীয় সাহিত্যৰ মূল ৰামায়ণৰ আধাৰত ওপৰত নিৰ্মাণ কৰা হৈছে ৷ বেয়াৰ বিৰুদ্ধে ভালৰ জয়েই হৈছে ছবিখনৰ মূল বিষয়বস্তু ৷ ভূষণ কুমাৰ, কৃষণ কুমাৰ, ওম ৰাৱট, প্ৰসাদ সুতাৰ আৰু ৰাজেশ নাইৰে নিৰ্মাণ কৰিছে ছবিখন ৷

কোৱা হৈছে যে, বাহুবলী চিৰিজৰ তুলনাত অদিপুৰুষৰ গ্ৰাফিক্সত তিনিগুণ অধিক ভিএফএক্স থাকিব । ছবিখনক লৈ বহুত আশা কৰা হৈছে । সমান্তৰালকৈ হিন্দী আৰু তেলেগু ভাষাত কৰা হৈছে ৰামায়ণৰ ওপৰত আধাৰিত পৌৰাণিক চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ৷ ছবিখনে 2023 চনৰ 12 জানুৱাৰীত তামিল, মালায়ালম আৰু কানাড়া ভাষাত ডাবিং সংস্কৰণৰ সৈতে মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: Radhe Shyam Promotions: প্ৰস্তুতি তুংগত ৰাধে শ্যামৰ প্ৰচাৰ অভিযানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.