চিটাৰা ডেস্ক,৬ আগষ্ট : পৰ্ণ'গ্ৰাফি গোচৰত (Pornography case) এইবাৰ বলীউডৰ আন এগৰাকী অভিনেত্ৰীৰ নাম পোহৰলৈ আহিছে । অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাৰ (Sherlyn Chopra) বিৰুদ্ধে চমন জাৰি কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই । গোচৰটো সন্দৰ্ভত সোধাপোছাৰ বাবে প্ৰ'পাৰ্টি চেলে (property cell) মাতিছে অভিনেত্ৰীগৰাকীক । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আৰ্মছপ্ৰাইম মিডিয়া প্ৰাইভেট লিমিটেডৰ (Armsprime Media Private Limited) সঞ্চালক সৌৰভ কুশৱাহাক মুম্বাই অপৰাধ শাখাৰ প্ৰ'পাৰ্টি চেলে সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল।
ইফালে, বৃহস্পতিবাৰে মুম্বাইৰ এখন সত্ৰ আদালতে কোৱা মতে ১০ আগষ্টত ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব । আদালতে মুম্বাই আৰক্ষীকো নিৰ্দেশনা জাৰি কৰিছে আৰু জামিন আবেদনৰ ওপৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে । গোচৰটোৰ মূল অভিযুক্ত ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্প বৰ্তমান ন্যায়িক জিম্মাত আছে ।
২ আগষ্টত মুম্বাই উচ্চ ন্যায়ালয়ে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পে পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত তেওঁলোকে দাখিল কৰা আৱেদনৰ ওপৰত শুনানি স্থগিত ৰাখিছিল । ইফালে আদালতত তদন্তকাৰী বিষয়াই কয় যে কুন্দ্ৰাৰ লেপটপত ৬৮ টা পৰ্ণ'গ্ৰাফী ভিডিঅ' পোৱা গৈছে । লগতে কৈছে যে কুন্দ্ৰাৰ ব্যক্তিগত লেপটপত যৌন সমলৰ সৈতে এখন চলচ্চিত্ৰ চিত্ৰনাট্যও পোৱা গৈছে ।
উল্লেখ্য যে ২৭ জুলাইত মুম্বাইৰ এখন আদালতে ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । কুন্দ্ৰাক ১৯ জুলাইত আৰক্ষীয়ে আন ১১ জন লোকৰ সৈতে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে ২৫ জুলাইত আৰক্ষীয়ে জনাইছিল যে কুন্দ্ৰাৰ চাৰিজন কৰ্মচাৰীয়ে পৰ্ণ'গ্ৰাফী গোচৰত তেওঁৰ বিৰুদ্ধে সাক্ষী হ'বলৈ সাজু হৈছে ।ইতিমধ্যে কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে তথ্য প্ৰযুক্তি আইন উলংঘনকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে ।