নিউজ ডেস্ক,3 মেঃ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাচতেই মুক্তি পাব বায়'পিক "পি এম নৰেন্দ্ৰ মোডী"৷ অৱশেষত বিবেক অ'বেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন গাঁথাৰে নিৰ্মিত ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ 24 মে'ত ৷
উল্লেখ্য যে, পূৰ্বে এই ছবিখন 11 এপ্ৰিলত মুক্তি লাভ কৰাৰ কথা আছিল যদিও ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে স্থগিত ৰখা হৈছিল ছবিখনৰ মুক্তি ৷ কিন্তু এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক পাচতেই অৰ্থাৎ 24 মে'ত ছবিখন মুক্তি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ছবিখনৰ প্ৰযোজক সন্দীপ সিঙে ৷