ETV Bharat / sitara

অহা ২৬ মাৰ্চত ছবিগৃহলৈ আহিব পৰিণীতি চৌপ্ৰা অভিনীত 'ছাইনা'

author img

By

Published : Mar 2, 2021, 6:01 PM IST

মুক্তিৰ বাবে সাজু বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'ছাইনা' । ছবিখনত ছাইনা নেহৱালৰ চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেত্ৰী পৰিণীতি চৌপ্ৰাই । অহা ২৬ মাৰ্চত মুক্তি লাভ কৰিব অমল গুপ্টে নিৰ্দেশিত ছবি 'ছাইনা' ।

অহা ২৬ মাৰ্চত ছবিগৃহলৈ আহিব পৰিণীতি চৌপ্ৰা অভিনীত 'ছাইনা'
অহা ২৬ মাৰ্চত ছবিগৃহলৈ আহিব পৰিণীতি চৌপ্ৰা অভিনীত 'ছাইনা'

চিটাৰা ডেস্ক, ২ মাৰ্চ: অহা ২৬ মাৰ্চত মুক্তি লাভ কৰিব বলীউড অভিনেত্ৰী পৰিণীতি চৌপ্ৰাৰ আগন্তুক ছবি 'ছাইনা' । মঙলবাৰে এই কথা ঘোষণা কৰা হৈছে ছবি নিৰ্মাতাই । বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'ছাইনা'ৰ নিৰ্দেশনা কৰিছে 'ষ্টেনলী কা ডাব্বা', 'হাৱা হাৱাই' ছবিৰ নিৰ্দেশক অমল গুপ্টেই । আনহাতে, ছবিখন প্ৰযোজনা কৰিছে টি-ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰে ।

মুক্তিৰ বাবে সাজু ছাইনা নেহৱালৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'ছাইনা'

মঙলবাৰে টি-ছিৰিজৰ অফিচিয়েল টুইটাৰ পেজত এক পোষ্টযোগে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰা হয় । যোৱা সপ্তাহত নেটফ্লিক্সত মুক্তি লাভ কৰিছিল পৰিণীতি চৌপ্ৰা অভিনীত ছবি 'দ্য গাৰ্ল অন দ্য ট্ৰেইনে' । ২০১৯ চনত পৰিণীতিয়ে 'ছাইনা' ছবিৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল । পূৰ্বে 'ছাইনা' ছবিত শ্ৰদ্ধা কাপুৰে অভিনয় কৰাৰ কথা আছিল । কিন্তু আন ছবিৰ কামত ব্যস্ত থকাৰ বাবে শ্ৰদ্ধাই 'ছাইনা' ছবিত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক:হেপ্পী বাৰ্থডে টাইগাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.