চিটাৰা ডেস্ক, ২৭ মাৰ্চ: COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ কিছু দিন পিছতে মহামাৰীৰ কবলত পৰিল অভিনেতা পৰেশ ৰাৱাল । চলিত মাহৰ আৰম্ভণিতে COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে । শুক্ৰবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰি তেওঁ কয় যে, "দুৰ্ভাগ্যবশতঃ মই COVID-১৯ত আক্ৰান্ত হৈছো" ।
যোৱা ১০ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে নিজৰ পৰীক্ষা কৰিবলৈও অনুৰোধ কৰে । ৬৫ বছৰীয়া অভিনেতাজনে কিছুদিন পূৰ্বে COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰাৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছিল । চিকিৎসক, নাৰ্চৰ লগতে স্বাস্থ্য কৰ্মী আৰু বিজ্ঞানীসকলকো ধন্যবাদ জ্ঞাপন কৰে । শেহতীয়াকৈ কাৰ্তিক আৰয়ান, ৰণবীৰ কাপুৰ, ৰোহিত ছৰফো মহামাৰীত আক্ৰান্ত হৈছিল ।
ইয়াৰ পূৰ্বে অভিনেতা অমিতাভ বচ্চন, অভিষেক বচ্চন, অৰ্জুন কাপুৰ, মালাইকা অৰোৰাও ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল । COVID-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱা বলীউড তাৰকাসকলৰ ভিতৰত প্ৰথম আছিল বলীউড কণ্ঠশিল্পী কণিকা কাপুৰ আৰু তেওঁ ২০২০ চনৰ মাৰ্চ মাহত মহামাৰীৰ কবলত পৰিছিল ।
লগতে পঢ়ক:নলবাৰী সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'লে নিৰ্বাচনী বিষয়াই