ETV Bharat / sitara

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সম্প্ৰচাৰ কৰিব অনলাইন ছবিসহ ডিজিটেল সংবাদ

author img

By

Published : Nov 11, 2020, 5:29 PM IST

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত মুক্তিলাভ কৰিব অ’টিটি প্লেটফ’ৰ্মৰ সকলো ছবি ৷ কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰণালয়লৈ জাৰি কৰা জাননী অনুসৰি,নেটফ্লিক্সকে ধৰি সকলো অনলাইন এপ মন্ত্ৰণালয়ৰ অধীনত পৰিচালনা কৰা হ’ব ৷

Online films, digital news now under I&B Ministry
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সম্প্ৰচাৰ কৰিব অনলাইন ছবিসহ ডিজিটেল সংবাদ

চিটাৰা ডেস্ক,11 নৱেম্বৰ : এতিয়াৰে পৰা অ’টিটি প্লেটফ’ৰ্মৰ সকলো ছবি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত মুক্তিলাভ কৰিব ৷ দুদিন পূৰ্বে এই সন্দৰ্ভত মন্ত্ৰণালয়লৈ আদেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

দুদিন পূৰ্বে অৰ্থাৎ 9 নৱেম্বৰত মন্ত্ৰী পৰিষদৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি,নেটফ্লিক্সকে ধৰি সকলো অনলাইন এপ মন্ত্ৰণালয়ৰ অধীনত পৰিচালনা কৰা হ’ব ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে স্বাক্ষৰ কৰা এই জাননীত উল্লেখ আছে যে,সংবিধানৰ 77 নং অনুচ্ছেদৰ 3 নং দফাৰ দ্বাৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ব্যৱসায়িক আৱণ্টন নীতি,1961ক সংশোধন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ অতিশীঘ্ৰেই এই নীতি কাৰ্যকৰী কৰা হ’ব বুলি জাননীযোগে প্ৰকাশ কৰা হৈছে ৷

ইয়াৰোপৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক সংবাদ,অডিঅ’,দৃশ্য আৰু ছবি সকলো অনলাইন প্লেটফ’ৰ্মত উপলব্ধ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে ৷ এই নীতি তিনিশ আৰু পঞ্চাশ সপ্তম সংশোধনী আইন,2020ৰ অধীনত কাৰ্যকৰী কৰা হ’ব ৷

লগতে পঢ়ক : আগন্তক ছবি 'কুলি নম্বৰ ১'ৰ প্ৰচাৰৰ বাবে সাজু বৰুণ-ছাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.