চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: বলীউড তাৰকা ৰণবীৰ কাপুৰে অভিনয় কৰিব সন্দীপ ৰেড্ডী ভাংগাৰ আগন্তুক ছবিত । কিন্ত ছবিগ্ৰহণৰ দৃশ্যগ্ৰহণৰ পূৰ্বেই এতিয়া ছবিৰ নামক লৈ নতুন সমস্যাৰ উদ্ধৱ হৈছে । শেহতীয়া তথ্য মতে,সম্প্ৰতি বিকল্প নামৰ কথা চিন্তা কৰিছে ছবি নিৰ্মাতাই । পূৰ্বে ছবিখনৰ নাম থোৱা হৈছিল 'ডেভিল' ।
কিন্ত এই নামেৰে ইতিমধ্যে ছাজিড নডিয়াাডৱালাৰ ছবি পঞ্জীয়ন কৰি থোৱা হৈছে। সন্দীপ ৰেড্ডীৰ 'কবীৰ সিং' ছবিৰ অভূতপূৰ্ব ব্যৱসায়িক সফলতাই তেওঁৰ বাবে বলীউডত ছবি নিৰ্মাণৰ বাট মুকলি কৰে । লগতে টি-ছিৰিজৰ সৈতে পুনৰ এবাৰ কাম কৰিবলৈ সিদ্ধান্ত লৈছে নিৰ্দেশকগৰাকীয়ে । যোৱা ছেপ্টেম্বৰ মাহত 'মৰজাৱা'ৰ ট্ৰেইলাৰ উন্মোচনৰ সময়তে এই কথা প্ৰকাশ কৰে সন্দীপ ৰেড্ডীয়ে । সন্দীপ আৰু ৰণবীৰৰ বহু প্ৰতীক্ষিত থ্ৰিলাৰ ছবিখনক এতিয়া 'ডেভিল' নামেৰে উল্লেখ কৰিব পৰা নাযাব ।
কিয়নো পূৰ্বৰে পৰা ছাজিড নডিয়াাডৱালাৰ সৈতে পঞ্জীয়ন হৈ আছে আৰু তেওঁ নামৰ ৰখাৰ অধিকাৰ অংশীদাৰিত্ব দিব বিচৰা নাই সন্দীপ ৰেড্ডীক । নডিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টে কিক ছবিৰ ছিকুৱেল নিৰ্মাণৰ সময়ত এই নাম ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে । সেয়ে,ছবিৰ নাম সলনি কৰাৰ বাদে ৰেড্ডীৰ হাতত বিকল্প একো নাই । ব্ৰহ্মাস্ত্ৰ আৰু শ্বমশ্বেৰা ছবিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিব ৰণবীৰ কাপুৰে ।
লগতে পঢ়ক:চাইবাৰ যুদ্ধৰ সম্ভাৱনা আছেঃ ৰাজনাথ সিং