ETV Bharat / sitara

আত্মপ্ৰকাশৰ বাবে সাজু বলিউদৰ বাদশ্বাহ তনয় আৰিয়ান খান !

author img

By

Published : Feb 22, 2022, 5:17 PM IST

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানেও কৰিব নেকি অভিনয়! শ্বাহৰুখৰ অনুৰাগীসকল সদায়ে উৎসুক এই বিষয়টো লৈ ৷ ইতিমধ্যেই সুহানা খানৰ বলীউডত খোজ দিয়াৰ খবৰে সামাজিক মাধ্যমত তোলপাৰ লগাইছে ৷ চুপাৰষ্টাৰ গৰাকীৰ পুত্ৰ আৰিয়ানেও ছবিত আত্মপ্ৰকাশ (Aryan Khan debut) কৰিব নে নকৰে তাকেলৈ শেহতীয়াকৈ পোহৰলৈ আহিছে নতুন খবৰ ৷

Aryan Khan
আত্মপ্ৰকাশৰ বাবে সাজু বলিউদৰ বাদশ্বাহ তনয় আৰিয়ান খান !

চিটাৰা ডেস্ক, 22 ফ্ৰেব্ৰুৱাৰী: বলীউডৰ তাৰকা সন্তানে ৰূপালী পৰ্দাত ভূমূকি মৰাটো তেনেই সাধাৰণ কথা ৷ সৰহ সংখ্যকেই বিভিন্ন ডিগ্ৰী লৈয়ো পিছত অভিনয়কে পেছা হিচাপে বাচি লয় ৷ সচৰাচৰ দেখা যায় খুব কমহে এনে ষ্টাৰ কিড্ছ আছে যি ছবি জগতৰ প্ৰতি আগ্ৰহী নহয় ৷ এনে সময়তে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ অনুৰাগীসকল অধিৰ আগ্ৰহেৰে ৰৈ আছে তেওঁৰ সন্তানকো ৰূপালী পৰ্দাত চাবলৈ (SRk son Aryan Khan debut) ৷

জানিব পৰা গৈছে যে, কন্যা সুহানাই ইতিমধ্যেই অভিনয়লৈ মন মেলিছে ৷ পিছে জুনিয়ৰ খানৰ হেনো কেমেৰাৰ পিছফালৰ জগতখনতহে বেছি মন ৷ শেহতীয়া এটা সাক্ষ্যাৎকাৰত এই কথা প্ৰকাশ পাইছে যে আৰিয়ানৰ মন ছবিতকৈ বেছি কিতাপৰ ফালেহে ৷

অভিনেতা হিচাপে নহয়, লেখক হিচাপেহে হোনো আত্মপ্ৰকাশ কৰিব আৰিয়ানে (Shah Rukh Khan son debut) ৷ চিনেমাৰ বাবে কাহিনী আৰু কনচেপ্ত তৈয়াৰ কৰিব জুনিয়ৰ খানে ৷ খবৰ আহিছে যে, আৰিয়ানে ইতিমধ্যেই আমাজন প্ৰাইমৰ বাবে এখন ৱেব চিৰিজ লিখি উলিয়াইছে লগতে এখন ফিচাৰ ফিল্মৰ কাহিনীও তেওঁ নিজেই লিখিছে ৷ সকলো ঠিকে থাকিলে এইবছৰতে আৰিয়ানে স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব ৷

লগতে পঢ়ক: New Assamese Comedy Movie: আহি আছে নতুন অসমীয়া ছবি “ৰাইন’ এক্সপ্ৰেছ”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.