চিটাৰা ডেস্ক,19জুলাইঃ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি গংগুবাই কাঠিয়াবাড়ীত আলিয়া ভাট আৰু অন স্ক্ৰীণ প্ৰেমিকৰ মাজত থকা প্ৰেমৰ অন্তৰংগ মূহুৰ্তবোৰ আঁতৰোৱা হৈছে স্ক্ৰীপ্টৰ পৰা ৷ ইয়াৰ মূল কাৰণটো হৈছে মহামাৰী COVID-19 ৷ লক্ ডাউনৰ পিছত শ্বুটিঙক লৈ বহু নীতি-নিৰ্দেশনাৱলী প্ৰদান কৰা হৈছে ৷
জানিব পৰা মতে, ছবিত শাৰীৰিক অন্তৰংগতাকলৈও বহু নীতি-নিয়ম প্ৰদান কৰা হৈছে ৷ সম্প্ৰতি শ্বুটিঙৰ সময়ত সামাজিক দূৰত্ব মানি চলাটো নিতান্তই আৱশ্যকীয় কৰি তুলিছে ৷ সেয়ে শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালীয়ে , ছবিখনত থকা আলিয়া ভাট আৰু নৃত্য শিল্পী শান্তনু মহেশ্বৰীৰ মাজৰ প্ৰেমৰ মূহুৰ্ত আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ৷
সূত্ৰৰ দ্বাৰা অহা খবৰ মতে, অন্তৰংগ মূহুৰ্তবোৰ আঁতৰাই পেলালেও ৰোমান্টিক দৃশ্য দেখুৱাবলৈ অন্য উপায় চিন্তা-চৰ্চা কৰি আছে ছবি নিৰ্মাতাসকলে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এই ছবিখনৰ মূল কাহিনী এখন বেশ্যালয়ৰ মালিকক লৈ ৷ আলিয়া ভাটে গংগুবাই কাঠিয়াবাড়ীত এগৰাকী মাফিয়া কুইনৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷
লগতে পঢ়কঃসুশান্তৰ আত্মহত্যা সন্দৰ্ভত চি.বি.আই তদন্তৰ প্ৰয়োজন নাইঃমহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী