চিটাৰা ডেস্ক,4 আগষ্টঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘটনা সন্দৰ্ভত চি.বি.আই তদন্তৰ বাবে আবেদন জনাইছে ৷
সোমবাৰে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে সকলো দলৰ সৈতে একেলগ হৈ বিহাৰ চৰকাৰে চি.বি.আই তদন্তৰ বাবে আবেদন জনায় ৷
সুশান্তৰ আত্মহত্যা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ সমান্তৰালভাৱে বিহাৰৰ আৰক্ষীও তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনা সন্দৰ্ভত বুধবাৰে এক শুনানি অনুষ্ঠিত হ'ব চুপ্ৰীম ক'ৰ্টত ৷ সুশান্তৰ পিতৃয়ে সুশান্তৰ আত্মহত্যাৰ আঁৰত তেওঁৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালবৰ্গ,জড়িত বুলি এক গোচৰ দাখিল কৰিছিল বিহাৰ আৰক্ষী থানাত ৷
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে Enforcement Directorate নিজৰ তদন্ত আৰম্ভ কৰিছে ৷ Enforcement Directorateএ ইতিমধ্যে সুশান্তৰ Chartered Accountantৰ সৈতে টকা পইচাৰ লেনদেন সন্দৰ্ভত সোধ-পোচ আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান