ETV Bharat / sitara

টাইগাৰ-দিশা আৰু ৰণবীৰ-আলিয়াক 'নিলাজ' আখ্যা অনুৰাগীৰ

author img

By

Published : Apr 26, 2021, 12:35 PM IST

ক'ভিড-১৯ ৰ সংকটৰ সময়ত বিদেশ ভ্ৰমণৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে একাংশ বলীউড তাৰকা । বিদেশত অৱসৰ বিনোদনৰ পিছত মুম্বাইলৈ উভতি অহাৰ পিছতে অনুৰাগীয়ে 'নিলাজ' আখ্যা দিলে টাইগাৰ শ্ৰুফ, দিশা পাটানি, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ।

বলীউড তাৰকাক নিলাজ আখ্যা অনুৰাগীৰ
বলীউড তাৰকাক নিলাজ আখ্যা অনুৰাগীৰ

চিটাৰা ডেস্ক, ২৬ এপ্ৰিল: ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি লকডাউন ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ১ মে'ৰ পুৱা ৭ বজালৈকে ৰাজ্যখনত 'জনতা কাৰফিউ' ঘোষণা কৰাৰ পিছতে বহু বলীউড তাৰকা দেশৰ বাহিৰৰ বিভিন্ন স্থানলৈ উৰা মাৰিছিল অৱসৰ বিনোদনৰ বাবে । এতিয়া এই তাৰকাসকলে ছ'চিয়েল মিডিয়াত বিলাসী বন্ধৰ ফটো শ্বেয়াৰ কৰাৰ বাবে সমালোচিত হ'বলগীয়া হৈছে ।

সাধাৰণতে তাৰকাসকলৰ বিদেশৰ ভ্ৰমণৰ ফটোত অনুৰাগীৰ মৰমসনা কমেণ্ট দেখিবলৈ পোৱা যায় । কিন্তু বৰ্তমানৰ পৰিস্থিতি কিছু পৃথক । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, ক'ভিড-১৯ দ্বিতীয় ঢৌৱে এইবাৰ ভাৰতীয়সকলৰ ধৈৰ্য পৰীক্ষা আৰু কষ্ট সহ্য কৰাৰ সামৰ্থৰ পৰীক্ষা লৈছে । একেদৰে অনুৰাগীসকলো বৰ্তমান দেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন । গতিকে দেশখনে মহামাৰীৰ সৈতে যুঁজি থকা সময়ত তেওঁলোকে বলীউডৰ তাৰকাৰ বিলাসী জীৱনৰ ফটোবোৰ চোৱাৰ প্ৰতি মুঠেও আগ্ৰহী নহয় ।

দেওবাৰে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে মালদ্বীপ ভ্ৰমণৰ পিছত মুম্বাইলৈ উভতি আহিছিল । টাইগাৰ শ্ৰফ আৰু দিশা পাটানিয়েও বিদেশৰ ভ্ৰমণ সামৰি উভতি অহাৰ বাতৰি চৰ্চাত আছিল । তেওঁলোকে বিদেশত কটোৱা সময়ৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে সমালোচনাৰে থকা-সৰকা কৰে অনুৰাগীয়ে । একাংশই আলিয়া আৰু ৰণবীৰক প্লাজমা দান কৰিবলৈও পৰামৰ্শ দিছিল । কিয়নো, তেওঁলোক দুয়ো ক'ভিড-১৯ ৰ সৈতে যুঁজি আৰোগ্য হৈ উঠিছে ।

যদিও দিশাই ইনষ্টাগ্ৰাম ষ্ট'ৰীজত কেইবাখনো ফটো আৰু ভিডিঅ' পোষ্ট কৰিছিল, আলিয়াই ৰণবীৰৰ সৈতে কিছু সময় কটোৱাৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আছিল । ইফালে জাহ্নৱী কাপুৰ, ছাৰা আলী খান, পূজা বেদীও সেই তাৰকাসকলৰ ভিতৰত আছে, যি সকলে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বন্ধত কটোৱা সময়ৰ ফটো শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে, নৱাজুদ্দিন ছিদ্দিকী, অমিত সাধ, লেখক শোভা দে আৰু চেলিব্ৰিটি মেনেজাৰ ৰোহিনী আয়াৰৰ দৰে লোকসকলেও এই সময়ত বিদেশ ভ্ৰমণ কৰি ফটো শ্বেয়াৰ কৰা তাৰকাক সমালোচনা কৰিছিল ।

লগতে পঢ়ক: সামাজিক মাধ্যমত অংকিতা লোখণ্ডেৰ আকৰ্ষণীয় ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.