ETV Bharat / sitara

গুৰুদ্বাৰত সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ - নেহা কক্কৰ

শনিবাৰে দিল্লীৰ গুৰুদ্বাৰত বিবাহ পাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙে ৷ ৰোকা, হালধি, মেহেন্দী আদিৰ ব্যৱহাৰেৰে পঞ্জাৱী বিবাহৰ সম্পূৰ্ণ ৰীতি-নীতিৰে সম্পন্ন হয় নেহু-প্ৰীতৰ বিবাহ ৷

Neha Kakkar and Rohanpreet Singh married
গুৰুদ্বাৰত সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ
author img

By

Published : Oct 25, 2020, 7:42 PM IST

Updated : Oct 25, 2020, 7:50 PM IST

চিটাৰা ডেস্ক,25 অক্টোবৰ : অৱশেষত শনিবাৰে বিবাহ পাশত আৱদ্ধ হ’ল নেহু-প্ৰীত ৷ শনিবাৰে দিল্লীৰ গুৰুদ্বাৰত সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে বিয়া পাতিলে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙে ৷ বিবাহৰ প্ৰতিটো দৃশ্যই ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত ৷ দুৰ্গা পূজাৰ লগে লগে নেহা-ৰোহনৰ বিবাহেও যেন চ’ছিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৷

Neha Kakkar and Rohanpreet Singh married
গুৰুদ্বাৰত সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ

ৰোকাৰ পৰা আৰম্ভ কৰি গুৰুদ্বাৰত আশীৰ্বাদ লোৱালৈকে প্ৰতিটো দৃশ্য আৰু প্ৰতিখন ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে ৷ ৰোকা,হালধি,মেহেন্দী আদি ব্যৱহাৰেৰে পঞ্জাৱী বিবাহৰ সম্পূৰ্ণ ৰীতি-নীতিৰে সম্পন্ন হয় নেহু-প্ৰীতৰ বিবাহ ৷

বিবাহৰ শুভক্ষণত কইনা সাজত নেহাই গুলপীয়া আৰু সোনালী সংমিশ্ৰণৰ লেহেংগা পৰিধান কৰাৰ লগতে সম্পূৰ্ণ আ-অলংকাৰেৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ৷ আনহাতে দৰা ৰোহনেও একেই ৰঙৰ সাজ পৰিধান কৰে আৰু মূৰত সোনালী ৰঙৰ পাগুৰী পৰিধান কৰে ৷

বিবাহ কাৰ্যসূচীৰ আঁৰত শীঘ্ৰেই মুক্তি লাভ কৰা নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ‘নেহু দা ব্যাহ’ শীৰ্ষক গানটি বজোৱা পৰিলক্ষিত হয় ৷ নেহা আৰু ৰোহনৰ শুভ বিবাহৰ ক্ষণত তেওঁলোকৰ অনুৰাগীৰ লগতে অশেষ গুণমুগ্ধই চ’চিয়েল মিডিয়াযোগে দুয়োকে শুভেচ্ছা জনাইছে ৷

লগতে পঢ়ক : নাইট আউট পোছাক পৰিধানেৰে দৰ্শকক মোহিত কৰিছে চুহানা খানে

Last Updated : Oct 25, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.