ETV Bharat / sitara

COVID-১৯ত আক্ৰান্ত অভিনেত্ৰী নিতু কাপুৰ

চলিত সপ্তাহৰ আৰম্ভণিতে অভিনেত্ৰী নিতু কাপুৰৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইয়াৰ পূৰ্বে চণ্ডীগড়ত ৰাজ মেহতাৰ ছবি যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছিল অভিনেত্ৰীগৰাকী । বৃহস্পতিবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে এই কথা প্ৰকাশ কৰে ।

COVID-১৯ত আক্ৰান্ত অভিনেত্ৰী নীতু কাপুৰ
COVID-১৯ত আক্ৰান্ত অভিনেত্ৰী নীতু কাপুৰ
author img

By

Published : Dec 10, 2020, 8:48 PM IST

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: প্ৰবীন অভিনেত্ৰী নিতু কাপুৰে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে য়ে তেওঁ COVID-১৯ত আক্ৰান্ত হৈছে । ইনষ্টাগ্ৰাম পোষ্টযোগে তেওঁ কৈছে যে, চলিত সপ্তাহৰ আৰম্ভণিতে মহামাৰীৰ কবলত পৰিছিল । চণ্ডীগড়ত ৰাজ মেহতাৰ ছবি যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছিল নিতু কাপুৰ । তেওঁ ইনষ্টাগ্ৰাম পোষ্টযোগে অনুৰাগীসকলক জনায় যে, COVID-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলোকে জনাইছে যে, তেওঁ হোম আইছ'লেছনত আছে ।

৬২ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে, চিকিৎসকৰ পৰামৰ্শ মতে যাৱতীয় সকলো চিকিৎসা লোৱাৰ লগতে সাৱধনতা অৱলম্বন কৰিছো আৰু মোক সহায় কৰা প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো । অনুৰাগীসকলকো মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব বৰ্তাই ৰাখি সুৰক্ষিত হৈ থাকিবলৈ নিতু কাপুৰে অনুৰোধ জনায় । অভিনেত্ৰীগৰাকীয়ে চণ্ডীগড়ত অনিল কাপুৰ, কিয়াৰা আদৱানী আৰু বৰুণ ধৱনৰ সৈতে যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণ কৰি আছিল ।

যোৱা সপ্তাহত অনিল কাপুৰেও COVID-১৯ৰ পৰীক্ষা কৰে আৰু ফলাফল নিগেটিভ হোৱাৰ কথা নিশ্চিত কৰে । বৰুণ ধৱনে সোমবাৰে COVID-১৯ত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰিছিল । অৱশ্যে কিয়াৰা আদৱানী এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই ।

লগতে পঢ়ক:চেন্নাইৰ হোটেলৰ কোঠাত তামিল অভিনেত্ৰী চিটাৰাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.