ETV Bharat / sitara

আৰু বহু ছবিত অভিনয় কৰিব বিচাৰে নীনা গুপ্তাই...

বলীউডত এতিয়া পৰিচালকৰ প্ৰিয় অভিনেত্ৰী হৈ পৰিছে প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তা(Neena Gupta) । চুপাৰহিট ছবিত কাম কৰিবলৈ পাই কৃতজ্ঞতা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এতিয়াও বহু কেইখন ছবিৰ বাবে চুক্তিবদ্ধ হৈছে অভিনেত্ৰীগৰাকী । তথাপিও ছবিত কাম কৰাৰ মোহ এৰিব পৰা নাই নীনা গুপ্তাই । অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিলে এই কথা । আৰু কি কি ক'লে নীনা গুপ্তাই...

author img

By

Published : Aug 4, 2021, 4:08 PM IST

Neena gupta on her career second innings
পৰিচালকৰ প্ৰিয় অভিনেত্ৰীৰ তালিকাত নীনা গুপ্তা

চিটাৰা ডেস্ক, ৪ আগষ্ট: এগৰাকী সফল, সুদক্ষ অভিনেত্ৰী হিচাপে জনাজাত নীনা গুপ্তা । প্ৰতিটো চৰিত্ৰ নিখুঁতভাৱে ৰূপায়ণ কৰে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে । দৰ্শকৰ লগতে ছবি পৰিচালকৰো পছন্দৰ অভিনেত্ৰী হৈ পৰিছে নীনা গুপ্তা । 'মুল্ক'(Mulk), 'বধাই হো'(Badhaai Ho!) আদিৰ দৰে ছবিত নিজৰ অভিনয় প্ৰতিভাক সুন্দৰ ৰূপত দাঙি ধৰিছে অভিনেত্ৰীগৰাকীয়ে ।

৬ আগষ্টত জি-৫ত মুক্তি লাভ কৰিবলগীয়া ডায়েল ১০০ শীৰ্ষক ছবিতো অভিনয় কৰিছে ৬২ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে । ৰেঞ্চিল ডি'চিলভা পৰিচালিত এই থ্ৰিলাৰ ছবিখনে তেওঁ আন এটা আকৰ্ষণীয় চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিছে । ছবিখনত নিখিল সুদ নামৰ এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে মনোজ বাজপেয়ীয়ে । ছবিখনত আত্মহত্যা কৰিব বিচৰা এগৰাকী মহিলাই আৰক্ষীৰ হেল্পলাইনত ফোন কৰি আৰক্ষীক দোমোজাত পোলোৱা দেখুওৱা হৈছে ।

মহিলাগৰাকীয়ে আৰক্ষী বিষয়া নিখিল সুদৰ পত্নী আৰু পুত্ৰক বলপূৰ্বকভাৱে আৱদ্ধ কৰি ৰাখি আৰক্ষীক ফোন কৰে । এই কাহিনীটোকে নাট্যৰূপ দিয়া হৈছে ছবিখনত । আৰক্ষী বিষয়াগৰাকীৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সাক্ষী তানৱাৰে ।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত নীনা গুপ্তাই নিজৰ অভিনয় জীৱন সন্দৰ্ভত কয় যে, তেওঁ এতিয়ালৈকে কামৰ কৰিবলৈ পোৱা সকলো ছবিৰ বাবে তেওঁ পৰিচালক আৰু ছবি নিৰ্মাতাৰ ওচৰত কৃতজ্ঞ । বৰ্তমান তেওঁ অনুপম খেৰৰ সৈতে 'শিৱ শাস্ত্ৰী বলবোৱা' শীৰ্ষক ছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছে বুলি জানিবলৈ দিছে । ৱেব ছিৰিজ পঞ্চায়তৰ দ্বিতায় খণ্ড, মাছাবা মাছাবা আৰু অংগদানৰ ওপৰত নিৰ্মাণ কৰা এখন ছবিতো দেখা পোৱা যাব নীনা গুপ্তাক ।

তেওঁ কয় যে, তেওঁ বহু কেইটাই কামৰ বাবে অফাৰ পাইছে, তথাপিও তেওঁ ছবিত কাম কৰাৰ লোভ সামৰিব পৰা নাই । তেওঁ জনায় যে, ডায়েল ১০০ শীৰ্ষক ছবিৰ প্ৰস্তাৱ তেওঁ প্ৰথমতে প্ৰত্যাখ্যান কৰিছিল । ছনী পিকচাৰ্ছ ফিল্মছ ইণ্ডিয়া আৰু ছবি নিৰ্মাতা সিদ্ধাৰ্থ পি মালহোত্ৰা আৰু স্বপ্না মালহোত্ৰাৰ কিমিয়া ফিল্মছৰ দ্বাৰা প্ৰযোজিত ডায়েল ১০০ ছবিখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিব বুলি আশাবাদী নীনা গুপ্তা ।

লগতে পঢ়ক:Confirmed! ভাঞ্চালীৰ 'Baiju Bawra'ত মুখ্য চৰিত্ৰত থাকিব ৰণবীৰ সিঙ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.