ETV Bharat / sitara

Filmmaker Sethumadhavan passes away : প্ৰসিদ্ধ ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ দেহাৱসান - চেন্নাইতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব

প্ৰসিদ্ধ ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ পৰলোকপ্ৰাপ্তি(Filmmaker K.S. Sethumadhavan no more) । শুকুৰবাৰে চেন্নাইত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৫০ৰ দশকৰ শেষৰ ফালে কেৰিয়াৰ আৰম্ভ কৰা ছবি নিৰ্মাতাগৰাকীক ১০ বাৰকৈ ৰাষ্ট্ৰীয় বঁটা আৰু ৯ বাৰকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল ।

Filmmaker Sethumadhavan passes away
ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ দেহাৱসান
author img

By

Published : Dec 24, 2021, 3:59 PM IST

চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: দক্ষিণ ভাৰতীয় ছবি জগতত শোকৰ ছাঁ পেলাই চিৰ বিদায় মাগিলে প্ৰথিতযশা ছবি নিৰ্মাতা কে এছ সেতুমাধৱনে(Filmmaker K.S. Sethumadhavan passes away) । সেতুমাধৱনৰ মৃত্যুত শোক প্ৰকাশ কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয় যে, ছবি উদ্যোগটোৱে এজন বিশিষ্ট নিৰ্মাতাক হেৰুৱালে, যাৰ কামে সকলোৰে প্ৰশংসা লাভ কৰি আহিছে । যদিও তেওঁ চেন্নাইত বাস কৰিছিল, তেওঁ সদায় নিজৰ ৰাজ্যখনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছিল(Pinarayi Vijayan paid condolence over K.S.Sethumadhavan's death) । ১৯৩১ চনত পালাক্কাড়ত তেওঁ জন্মগ্ৰহণ কৰে ।

৫০ৰ দশকৰ শেষৰ ফালে তেওঁ কেৰিয়াৰ আৰম্ভ কৰে । প্ৰথমে তেওঁ এল ভি প্ৰসাদ আৰু সুন্দৰ ৰাওৰ দৰে সেই সময়ৰ নিৰ্মাতাৰ সহায়ক হিচাপে কাম কৰিছিল । ৯০ ৰ দশকৰ মাজভাগত তেওঁ ছবি জগতৰ কামৰ পৰা আঁতৰি আহে । ইয়াৰ পাচৰে পৰা তেওঁ চেন্নাইতে স্থায়ীভাৱে থাকিবলৈ লয় ।

শুকুৰবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে ৯০ বছৰীয়া কে এছ সেতুমাধৱনে । চেন্নাইতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । ১৯৬০ চনত তেওঁ এজন স্বতন্ত্ৰ ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

তেওঁ প্ৰথমে সিংহলী ছবি পৰিচালনা কৰিছিল আৰু ইয়াৰ পাচত উভতি চাবলগীয়া হোৱা নাছিল । তেওঁ প্ৰায় ৭০ খন ছবি পৰিচালনা কৰিছিল । ইয়াৰে বেছিসংখ্যক মালায়ালম, তামিল, তেলেগু । ১৯৭৫ চনত তেওঁ হিট হিন্দী ছবি 'জুলি'ও পৰিচালনা কৰিছিল । তেওঁৰ কেইখনমান জনপ্ৰিয় ছবিৰ ভিতৰত আছে ওদাইল নিন্নু, দাহাম, স্থানাৰ্থী চাৰাম্মা, কোট্টুকুডুম্বাম, ভাজভে মায়াম, আৰানাঝিক নেৰাম, অনুভৱংগল পালিচাকল, চাট্টাক্কাৰী, অপ্পোল, মাৰুপক্কাম ।

অভিনেতা মামোট্টিয়ে প্ৰথমে ১৯৭১ চনত সেতুমাধৱনৰ হিট ছবি অনুভৱংগলত কনিষ্ঠ শিল্পী হিচাপে কাম কৰিছিল । অভিনেতা কমল হাছান আৰু সুৰেশ গোপীয়েও তেওঁৰ ছবিৰ জৰিয়তেই আত্মপ্ৰকাশ কৰিছিল । ২০০৯ চনত তেওঁক জে.চি ডেনিয়েল বঁটা প্ৰদান কৰা হয়, যি তেওঁৰ উৎকৃষ্ট কৰ্মজীৱন আৰু ছবি উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে দিয়া সৰ্বোচ্চ ৰাজ্যিক বঁটা ।

লগতে পঢ়ক:Gadar Ek Prem Katha sequel: চিত্ৰগ্ৰহণ সম্পূৰ্ণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.