ETV Bharat / sitara

মোহিত ছুৰীৰ Malang-2ৰ প্ৰথম চিক্যুৱেলৰ ষ্ক্ৰীপ্ট সম্পূৰ্ণ

author img

By

Published : May 31, 2020, 5:47 PM IST

শেহতীয়া লকডাউনৰ সময়ছোৱাত ছবি নিৰ্মাতা মোহিত ছুৰীয়ে তেওঁৰ আহিবলগীয়া ৰোমাণ্টিক-এক্সন-থ্ৰীলাৰ ছবি 'Malang-2'ৰ প্ৰথম চিক্যুৱেলৰ বাবে ষ্ক্ৰীপ্ট লিখি সম্পূৰ্ণ কৰে । আইকনিক ছবি নিৰ্মাতা আলফ্ৰেড হিট্চককৰ ভাষ্যক সুঁৱৰি ষ্ক্ৰীপ্টখনৰ মুখ্য পেজৰ ফটো শ্বেয়াৰ কৰা বুলি ছুৰীয়ে টুইটাৰযোগে সদৰী কৰে এই কথা ।

Malang-2ৰ প্ৰথম চিক্যুৱেলৰ ষ্ক্ৰীপ্ট সম্পূৰ্ণ

চিটাৰা ডেস্ক, ৩০ মে' : ছবি নিৰ্মাতা মোহিত ছুৰীৰ আহিবলগীয়া ছবি ‘Malang-2’ক লৈ মন্তব্য প্ৰকাশ । ছবিঘৰত আহিবলগীয়া ‘Malang-2’ ছবিখনৰ প্ৰথম চিক্যুৱেলৰ প্ৰথম দৃশ্যাংশৰ ষ্ক্ৰীপ্ট ইতিমধ্যে লিখা সম্পূৰ্ণ হোৱা বুলি মোহিত ছুৰীয়ে ছচিয়েল মিডিয়াযোগে সদৰী কৰে এই কথা । এই ছবিখনত অভিনেতা আদিত্য ৰয় কাপুৰ, অভিনেত্ৰী দিশা পাটানী, অনিল কাপুৰ আৰু কুনাল খেমুৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ছবিখন চলিত বৰ্ষৰ আৰম্ভণিতে ছবিগৃহলৈ আহিছিল । মোহিত ছুৰীয়ে টুইটাৰত আইকনিক ছবি নিৰ্মাতা আলফ্ৰেড হিট্চককৰ ভাষ্যক সুঁৱৰি ষ্ক্ৰীপ্টখনৰ মুখ্য পেজৰ ফটো শ্বেয়াৰ কৰে । ছুৰীয়ে লিখিছে, ‘এখন ভাল ছবি নিৰ্মাণ কৰিবলৈ হ'লে আপোনাক তিনিটা বিশেষ বস্তুৰ দৰকাৰ-ষ্ক্ৰীপ্ট, ষ্ক্ৰীপ্ট আৰু ষ্ক্ৰীপ্ট:আলফ্ৰেড’ ।

Malang টীমটোৱে ছবি নিৰ্মাতা লৱ ৰঞ্জনৰ সৈতে লগ হৈ ষ্ক্ৰীপ্টৰ কাম কৰি আছে বুলি কিছুদিন পূৰ্বে মোহিত ছুৰীয়ে ঘোষণা কৰিছিল । এই ৰোমাণ্টিক-থ্ৰীলাৰ ছবিখন ছবি নিৰ্মাতা লৱ ৰঞ্জন আৰু T-seriesৰ আধাৰত গোৱাত শ্বুটিং কৰা হৈছিল । উল্লেখ্য যে, ২০১৩ চনত মুক্তি লাভ কৰা ‘Aashiqui-2’ৰ পিছত Malangৰ জৰিয়তে আকৌ এবাৰ ছুৰী-ৰঞ্জনৰ মুখামুখি হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.