ETV Bharat / sitara

পিতৃহাৰা হ'ল অভিনেতা মিথুন চক্ৰৱৰ্তী - পিতৃহাৰা হ'ল অভিনেতা মিথুন চক্ৰৱৰ্তী

মঙলবাৰে অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পিতৃ বিয়োগ হয়। পিতৃ বিয়োগৰ সময়ত অভিনেতাজন লক ডাউনৰ বাবে বেংগালুৰুত আবদ্ধ হৈ আছে । পিতৃৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ উদ্দেশ্যেৰে মুম্বাইলৈ অহাৰ প্ৰয়াস কৰি আছে অভিনেতাজনে ।

পিতৃহাৰা হ'ল অভিনেতা মিথুন চক্ৰৱৰ্তী
পিতৃহাৰা হ'ল অভিনেতা মিথুন চক্ৰৱৰ্তী
author img

By

Published : Apr 23, 2020, 1:47 PM IST

মুম্বাই, 23 এপ্ৰিলঃ বলিউডৰ এসময়ৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পিতৃ বসন্তকুমাৰ চক্ৰৱৰ্তীৰ মঙলবাৰে মৃত্যু হয় । কিডনী বিকল হোৱাৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 95 বছৰ ।

ইপিনে,পিতৃৰ মৃত্যুৰ সময়ত পুত্ৰ মিথুন চক্ৰৱৰ্তী আছিল বেংগালুৰুত । লক ডাউনৰ বাবে আবদ্ধ হৈ আছিল অভিনেতাজন। সেয়ে অন্তিম সৎকাৰত উপস্থিত থাকিবলৈ মুম্বাইলৈ আহিবৰ বাবে চেষ্টা চলাই আছে তেওঁ । মিথুন চক্ৰৱৰ্তীৰ কনিষ্ঠ সন্তান নমাসি চক্ৰৱৰ্তীয়ে অৱগত কৰে এই কথা ।

ইফালে বঙালী অভিনেত্ৰী ঋতুপৰ্ণা সেন গুপ্তাই টুইটাৰযোগে বসন্তকুমাৰ চক্ৰৱৰ্তীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

লগতে পঢ়কঃ নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.