দেশত এতিয়া নিৰ্বাচনৰ বতৰ ৷ মাথো ৰাজনৈতিক নেতাসকলেই নহয় অভিনয় জগতৰ তাৰকাসকলো ব্যস্ত হৈ পৰিছে ৰাজনৈতিক প্ৰচাৰ অভিযানত ৷ কিন্তু তাৰ মাজতে আহিছে আন এক খবৰ ৷ বলিউদৰ কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে ভোটদান কৰিব নোৱাৰিব নিৰ্বাচনত ৷
বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আৰু সজাগতামূলক বিজ্ঞাপনত অংশ লোৱা আপোনাৰ কেইবাজনো প্ৰিয় তাৰকৰাই এই দেশত সাব্যস্ত কৰিব নোৱাৰিব ভোটদান ৷ এই তালিকাখনত থকা ব্যক্তি সকল ক্ৰমে অক্ষয় কুমাৰ, কেটৰীণা কেঈফ, দীপিকা পাডুকণ আৰু আলিয়া ভট্ট।
জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ভাৰতবৰ্ষত ভোটদান কৰিব নোৱাৰৰ কাৰণ হ’ল অক্ষয় কুমাৰৰ ভাৰতৰ লগতে আছে কানাডাৰো নাগৰিকত্ব । বলিউদ সুন্দৰী দীপিকাৰ আছে ডেনিছৰ নাগৰিকত্ব । ঠিক একেদৰে মাতৃ সৌনী ৰাজদানৰ বিট্ৰিছ নাগৰিকত্ব থকাৰ সুৱাদতে আলিয়া ভট্টৰো আছে বিট্ৰিছ নাগৰিকত্ব । দশকজুৰি ভাৰতীয় ছবি জগতত দপদপাই থকা কেটৰীণাৰ নাই ভাৰতীয় নাগৰিকত্ব । অৰ্থাৎ দ্বি-নাগৰিকত্বৰ ফলতেই ভোটদানৰ পৰা বঞ্চিত হ'বলগীয়া হয় এই সকল তাৰকা-শিল্পী ৷