ETV Bharat / sitara

লুৱেইনা লোধৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহেশ আৰু মুকেশ ভাটৰ

author img

By

Published : Oct 31, 2020, 3:11 PM IST

অভিনেত্ৰী লুৱেইনা লোধে উত্থাপন কৰা অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছবি নিৰ্মাতা মহেশ ভাট আৰু মুকেশ ভাটে। লুৱেইনাই অভিযোগ তুলিছিল যে, তেওঁৰ স্বামী আৰু মহেশ ভাট নাৰী দেহ আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত। অধীবক্তা অমিত নায়কৰ জৰিয়তে আইনী জাননী প্ৰেৰণ কৰিছে মহেশ ভাটে। জাননীখনৰ দ্বাৰা অভিনেত্ৰীগৰাকীক এনেধৰণৰ মিছা অপবাদ দিয়াৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়া হৈছে।

লুৱেইনা লোধৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহেশ আৰু মুকেশ ভাটৰ
লুৱেইনা লোধৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহেশ আৰু মুকেশ ভাটৰ

চিটাৰা, ৩১ অক্টোবৰ: ছবি নিৰ্মাতা মহেশ ভাট আৰু মুকেশ ভাটে শুক্ৰবাৰে অভিনেত্ৰী লুৱেইনা লোধে উত্থাপন কৰা সকলো অভিযোগ নস্যাত্ কৰে। অচিৰে সত্য পোহৰলৈ আহিব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিগত সপ্তাহত লোধে মহেশ ভাটৰ বিৰুদ্ধে এলানি অভিযোগ উত্থাপন কৰে। অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বামী ছুমিত চভৰৱালক মহেশ ভাটৰ ভতিজা বুলিও দাবী কৰে। তেওঁ ইনষ্টাগ্ৰাম পোষ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰি অভিযোগ তুলিছিল যে, ছুমিত চভৰৱাল ড্ৰাগছ ক্ৰয় কৰে আৰু মহেশ ভাটক যোগান ধৰে।

লোধে ইয়াকো কয় যে, ছুমিত আৰু মহেশ ভাট নাৰী দেহ ব্যৱসায়ৰেও জড়িত। ইয়াৰ প্ৰত্যুত্তৰত মহেশ ভাটে অধীবক্তা অমিত নায়কৰ জৰিয়তে অভিনেত্ৰীগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰে। জাননীখনৰ দ্বাৰা অভিনেত্ৰীগৰাকীক এনেধৰণৰ মিছা অপবাদ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। শু্ক্ৰবাৰে ভাতৃদ্বয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'তেওঁলোকৰ জীৱন, ৰুচি, ইচ্ছা আদি মানুহৰ আলোচনাৰ বিষয়। কিন্তু কেতিয়াবা এই আলোচনা অপ্ৰাসংগিক আৰু অতি ক্ষতিকাৰক হয়।' অভিনেত্ৰীগৰাকীয়ে মিছা অভিযোগ উত্থাপন কৰি অপপ্ৰচাৰ চলাব বিচাৰ অভিযানৰ শেষ পৰ্যায় পাইছেহি বুলিও মন্তব্য কৰে ভাট ভাতৃদ্বয়ে। অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বামীক মহেশ ভাটৰ ভতিজা বুলি মিছা কোৱা বুলি প্ৰকাশ কৰিছে ভাটে।

সুমিত চভৰৱাল ভাটৰ ছবি নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰী। ২০১৬ চনৰ পৰা স্বামী সুমিতৰ লগত বৈবাহিক সম্বন্ধক লৈ লোধৰ মনোমালিন্য ঘটি আছে। এটা আবাসিক ফ্লেট দখল কৰি থকাৰ অভিযোগো উত্থাপন হৈছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। এতিয়া মহেশ ভাটৰ পৰিয়ালকো অভিনেত্ৰীগৰাকীয়ে অপবাদ জাপি দিয়াৰ বাবে লক্ষ্য কৰি লৈছে। মানহানিৰ গোচৰ ৰুজু কৰি অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আইনী যুঁজ চলাই যাব বুলি মন্তব্য কৰে মহেশ ভাটে।

লগত পঢ়ক:ফিল্ম 'ফুটপ্ৰিণ্ট অন বৰ্ডাৰ'ত অসম সন্তান আদিল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.