ETV Bharat / sitara

54 বছৰত ভৰি দিলে কিং খান শ্বাহৰুখে

author img

By

Published : Nov 2, 2019, 4:40 AM IST

Updated : Nov 2, 2019, 9:33 AM IST

ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তথা প্ৰসিদ্ধ অভিনেতা শ্বাহৰুখ খানৰ আজি জন্মদিন ৷

শ্বাহৰুখ খানৰ জন্মদিন

চিটাৰা ডেস্ক, 2 নৱেম্বৰঃ বলীউডৰ বাদশ্বাহ খ্যাত অভিনেতা শ্বাহৰুখ খানৰ আজি জন্মদিন ৷ 1965 চনৰ 2 নৱেম্বৰ তাৰিখে দিল্লীত জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷ যথেষ্ট কষ্ট আৰু সাধনাৰ বিনিময়ত বিশ্বৰ সফল ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ হৈছে অভিনেতাগৰাকী ৷ সৰু পৰ্দাৰ জৰিয়তে টেলিভিছন ক্ষেত্ৰখনত পদাৰ্পণ কৰা অভিনেতাজনে 'দিৱানা' ছবিখনত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷

king khan shahrukh khan birthday
শ্বাহৰুখ খানৰ জন্মদিন

'দিৱানা'ৰ সফলতাৰ পিছত 'দৰ','বাজিগৰ','অনজাম' চলচ্চিত্ৰত অভিনয় কৰে অভিনেতাগৰাকীয়ে ৷ তাৰ পিছতে 'দিলৱালে দুলহনীয়া লে জায়েংগে,' দিল টহ পাগল হ্যে','কুচ কুচ হৌটা হে','মোহব্বতে','কভি খুচি কভি গম'ৰ দৰে চলচ্চিত্ৰত ৰোমান্টিক আন্দাজত অভিনয় কৰি দৰ্শকৰ মনত 'কিং অফ ৰোমাঞ্চ' হৈ পৰে ৷ 'দেৱদাস'ত আকৌ দৰ্শকে আদৰি ল'লে শ্বাহৰুখৰ বিৰহ বেদনা ৷ সেইদৰে 'চক দে ইণ্ডিয়া', 'বিদেশ', 'মাই নেম ইজ খান'ৰ দৰে গম্ভীৰ কাহিনীৰ চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈও সক্ষম হয় অভিনেতাগৰাকীয়ে ৷ তেনেদৰে 'দিলৱালে','ৰয়িজ'তো নিজৰ মনোৰম অভিনয়ৰ যাদুৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় শ্বাহৰুখ খানে ৷ কিন্তু উল্লেখনীয় কথাটো যে, তেওঁ কেৱল পৰ্দাতে নহয় তেওঁ আচল জীৱনটো যেন এজন হিৰ' সেই কথা প্ৰমাণ কৰে ৷ শেহতীয়াকৈ বিগত দেৱালীত বিগ বি অমিতাভ বচ্চনৰ ঘৰত জুই লগাত শ্বাহৰুখ খানে নিজৰ প্ৰাণৰ লগত যুঁজি হ'লেও ঐশ্বৰ্য ৰায়ৰ মেনেজাৰ গৰাকীৰ প্ৰাণ বচাইছিল ৷ যাৰ বাবে তেওঁ খুবেই প্ৰশংসিত হৈছে সৰ্বত্ৰে ৷
শেষবাৰৰ বাবে শ্বাহৰুখ খানক জিৰ' ছবিখনত অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল ৷ সূত্ৰৰ দ্বাৰা জানিব পৰা মতে,শ্বাহৰুখ খানে নিজৰ এই জন্মদিনত তেওঁৰ আগন্তুক ছবিৰ বিষয়ে ঘোষণা কৰিব ৷ আজিৰ এই বিশেষ দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা অভিনেতাগৰাকীক জনালো জন্মদিনৰ অযুত শুভকামনা ৷

Intro:Body:

king khan shahrukh khan birthday

Conclusion:
Last Updated : Nov 2, 2019, 9:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.