চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: আগন্তুক ছবি যুগ যুগ জিঅ'ৰ ছবিৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিছে অভিনেত্ৰী কিয়াৰা আদৱানী আৰু অভিনেতা বৰুণ ধৱনে । ছবিখনত অভিনয় কৰা কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী COVID-১৯ত আক্ৰান্ত হোৱাৰ বাবে দৃশ্যগ্ৰহণ প্ৰায় স্তব্ধ হৈ পৰিছিল । এতিয়া আটাইকেইগৰাকী সুস্থ হৈ উঠাত পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ।
বৰুণ ধৱনৰ সৈতে কাম কৰাৰ অভিজ্ঞতা সন্দৰ্ভত কিয়াৰাই কয় যে, বৰুণে নিজৰ কামত যথেষ্ট গুৰুত্ব দিয়ে । গুড নিইজ ছবিত কিয়াৰাৰ সৈতে কাম কৰা ছবি নিৰ্মাতা ৰাজ মেহতাই নিজৰ যুগ যুগ জিঅ'ৰ ছবিখনৰ বাবে কিয়াৰাৰ সৈতে পুনৰ কাম কৰিছে । পাৰিবাৰিক মনোৰঞ্জনধৰ্মী ছবিখনত বৰুণৰ বিপৰীতে অভিনয় কৰিছে কিয়াৰাই ।
কিয়াৰাই প্ৰকাশ কৰিছে যে, বৰুণে কিয়াৰাৰ সৈতে থকা দৃশ্য সুন্দৰকৈ শ্বুটিং কৰাৰ বাবে মাজনিশাও ফোন কৰি এই সন্দৰ্ভত আলোচনা কৰে । এনেদৰে নিষ্ঠাৰে নিজৰ কাম কৰা অভিনেতাৰ সৈতে কাম কৰিবলৈ পাই কৃতজ্ঞ বুলিও মন্তব্য কৰে কিয়াৰাই । ৬৩ বছৰীয়া অনিল কাপুৰৰ উৎসাহে তেওঁলোকক প্ৰেৰণা দিয়ে বুলি কৈ প্ৰশংসা কৰে । উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ৰাজ মেহতা, নীতু কাপুৰ আৰু বৰুণ ধৱন মহামাৰীত আক্ৰান্ত হৈছিল ।
লগতে পঢ়ক:ড্ৰাগছ সন্দৰ্ভত সোধ-পোছৰ বাবে এনচিবিৰ কাৰ্যালয়ত হাজিৰ অৰ্জুন ৰামপাল