ETV Bharat / sitara

বিয়াৰ পিছৰ প্ৰথমটো হোলী বিকিৰ পৰিয়ালৰ সৈতে পালন কেটৰিণাৰ

author img

By

Published : Mar 18, 2022, 6:17 PM IST

বিকি কৌশলৰ সৈতে প্ৰথম হোলী উদযাপন কেটৰিণা কাইফৰ ৷ নতুন পৰিয়ালৰে সৈতে ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক জনালে হোলীৰ শুভেচ্ছা ( Katrinas first holi with in laws)।

holi
স্বামীৰ পৰিয়ালৰে সৈতে হোলী উদযাপন কেটৰিণা কাইফৰ

চিটাৰা ডেস্ক, 18 মাৰ্চ: বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা মোহময়ী অভিনেত্ৰী কেটৰিণাই তেওঁৰ স্বামী বিকী কৌশলৰ পৰিয়ালৰ সৈতে উদযাপন কৰিছে হোলী ৷ ভায়েক ছানী কৌশল আৰু শাহুৱেক-শহুৰেকৰ সৈতে হোলীত তুলিছে ফটো ( Katrinas first holi with in laws) ।

হোলী উপলক্ষে সকলো আবিৰৰ ৰঙত ৰঙীণ হৈ পৰিছে । বলীউডৰ তাৰকাসকলো ব্যস্ত হোলীকলৈ । বলীউডৰ বহু তাৰকাই তেওঁলোকৰ অনুৰাগীসকলক জনাইছে হোলীৰ শুভেচ্ছা । বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাইফে অনুৰাগীসকললৈ যাঁচিছে হোলীৰ শুভেচ্ছা (katrina kaif vicky kaushal holi celebration) । অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিলে হোলী উদযাপনৰ দুখনমান আলোকচিত্ৰ ৷

কেটৰিণা কাইফৰ বিয়াৰ পিছত এইয়া প্ৰথম হোলী ৷ শাহ- শহুৰেকৰ সৈতে একেলগে উপভোগ কৰিছে ৰঙৰ উৎসৱ । কেটৰিণা কাইফে হোলীত অনুৰাগীসকলক শুভেচ্ছা জনাই হোলী উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে (katrina kaushal family holi celebration)।

বৃহস্পতি বাৰৰ নিশা কেটৰিণাই স্বামী বিকী কৌশলৰ সৈতে অপূৰ্ব মেহতাৰ জন্মদিনৰ পাৰ্টীত ভাগ লয় । পাৰ্টীটোত সকলোৰে চকু নতুন দম্পতীহালৰ ওপৰতে আছিল । শুকুৰবাৰে ৰাতিপুৱা স্বামীৰ পৰিয়ালৰে সৈতে কেটৰিণাই খেলিছে হোলী । নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে হোলী উদযাপনৰ কেইটিমান মূহুৰ্ত ।

ফটোদুখনত কেটৰিণা কাইফকে ধৰি সকলোকে বগা সাজত দেখা গৈছে ৷ আবিৰৰ ৰং সানি উৎফুল্লিত হৈ পৰা দেখা গৈছে কৌশল পৰিয়ালক ৷

লগতে পঢ়ক: অনুৰাগীলৈ হোলীৰ শুভেচ্ছা বলীউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.